ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু বলিউডৰ জনপ্রিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামৰ ধনী ব্যক্তিৰ তালিকাত চলিত বৰ্ষত ক্ৰমে ১৯ তম আৰু ২৭ তম স্থান লাভ কৰিছে ।
ইনষ্টাগ্ৰামত ১৩২ নিযুত অনুৰাগী থকা তাৰাকা ক্ৰিকেটাৰ বিৰাট কোহলিয়ে হোপাৰ ইনষ্টাগ্ৰাম ধনী তালিকাত ১৯ নম্বৰ স্থানত আছে। বিৰাট কোহলীয়ে প্ৰতিটো পোষ্টৰ বাবে ৬৮০,০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৫ কোটিকৈ উপাৰ্জন কৰে। আনহাতে ইনষ্টাগ্ৰামত ৬৪ নিযুত অনুৰাগী থকা, প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত কৰা প্ৰতিটো বিজ্ঞাপনমূলক পোষ্টৰ বাবে ৪০৩,০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যৰ হিচাপত ৩ কোটি টকা লাভ কৰে।
উল্লেখ্য যে হোপাৰ ইনষ্টাগ্ৰাম ধনী তাকিকা প্ৰতি বছৰে মুকলি কৰা হয় আৰু ইনষ্টাগ্ৰামত তেওঁলোকৰ প্ৰতিটো বিজ্ঞাপনমূলক পোষ্টৰ বাবে তেওঁলোকে কিমান মাচুল লয় তাৰ ওপৰত ভিত্তি কৰি বিনোদন, ক্ৰীড়া আদিৰ তাৰকাসকলক স্থান প্ৰদান কৰা হয়। বিগত বৰ্ষত, প্ৰিয়ংকাই প্ৰতিটো পোষ্টৰ বিনিময়ত ২৭১,০০০ ডলাৰ উপাৰ্জন কৰি ১৯ তম স্থানত আছিল। আনহাতে, ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ক্ৰিকেটাৰ বিৰাট কোহলি বিগত বৰ্ষত ২৩ নম্বৰ স্থানত আছিল যদিও এইবেলি প্ৰিয়ংকাক চেৰ পেলায় তেওঁ ১৯ নম্বৰ স্থান লাভ কৰিছে।
মন কৰিবলগীয়া যে, ইনষ্টাগ্ৰামৰ ধনীৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। ইনষ্টাগ্ৰাম একাউন্টত ২৯৫ নিযুত অনুৰাগী থকা ৰোনাল্ডোৱে প্ৰতিটো পোষ্টৰ বিনিময়ত ১,৬০৪,০০০ ডলাৰ,ভাৰতীয় মূল্য হিচাপত ১১ কোটি টকা উপাৰ্জন কৰে।