• About
  • Advertisement
  • Contact
Saturday, May 21, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

অইল ইণ্ডিয়াৰ মকৰলৰ জাননী পক্ষপাতমূলকঃ আলফা (স্বা)

Spotlight Northeast by Spotlight Northeast
July 5, 2021
in Assam
Reading Time: 1 min read
A A
Assam : ULFA-I Declares Unilateral Ceasefire For 90 days
Share on FacebookShare on TwitterShare on Whatsapp

অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়া এক নিযুক্তি জাননীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাধীনে)। অইল ইণ্ডিয়া লিমিটেডে শেহতীয়াভাৱে এক বিজ্ঞাপন যোগে ১২০ টা কনিষ্ঠ সহায়কৰ পদৰ বাবে অসমৰ তৈলক্ষেত্ৰ অধ্যুষিত এলেকাৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছিল। ইয়াতে ক্ষুন্ন হৈ পৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। অইল ইণ্ডিয়া লিমিটেডৰ এই নিযুক্তি জাননী পক্ষপাতমূলক বুলি অভিহীত কৰি এক বিবৃতিত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কয় যে অসমৰ জনসাধাৰণ ইয়াৰ প্ৰাকৃতিক সম্পদৰ অধিকাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত এই সম্পদৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগ প্ৰতিষ্ঠানত চাকৰিৰ লগতে অন্যান্য সা-সুবিধা লাভ কৰাটো প্ৰতিজন থলগিৰী লোকৰ অধিকাৰ। তেনেস্থলত অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি জাননীয়ে অসমৰ চাৰি জিলা ক্ৰমে ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাহিৰৰ প্ৰাৰ্থীসকলক বঞ্চিত কৰিছে।

ADVERTISEMENT

আলফা (স্বাধীন) এ বিবৃটোত কয়- ‘উক্ত চাৰি জিলা আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীসকলৰ বাবেহে চাকৰি মকৰলৰ জাননী জাৰি কৰি বাকী জিলাৰ যোগ্য প্রার্থীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ অইল ইণ্ডিয়া লিমিটেডৰ এনে পক্ষপাতমূলক কার্যৰ বিৰোধিতা কৰিছোঁ৷ অইল ইণ্ডিয়া লিমিটেডে চাকৰি মকৰলৰ ক্ষেত্রত কেৱল এই চাৰি জিলাৰ প্রার্থীক সুবিধা প্রদান কৰাৰ পৰিৱর্তে আর্থিক দৈন্যৰ প্রতি লক্ষ্য ৰাখি সমগ্র অসমৰ থলুৱা যোগ্য প্রার্থী উপকৃত হ’ব পৰাকৈ ব্যৱস্থা গ্রহণ কৰক৷’

আলফা (স্বাধীন)ৰ বিবৃতিক অইল ইণ্ডিয়া লিমিটেডে কিদৰে গ্ৰহণ কৰে সেইয়া সময়ত হে স্পষ্ট হ’ব।

Tags: Oil India LimitedParesh BaruahULFA(I)
ShareTweetSend
Previous Post

অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতৰ প্ৰথম গৰাকী মহিলা সাঁতোৰবিদৰ

Next Post

কোভিডঃ আপোনাৰ শিশুটিক কেনেকৈ ৰাখিব সুৰক্ষিত?

Next Post
কোভিডঃ আপোনাৰ শিশুটিক কেনেকৈ ৰাখিব সুৰক্ষিত?

কোভিডঃ আপোনাৰ শিশুটিক কেনেকৈ ৰাখিব সুৰক্ষিত?

বন্ধ হবগৈ নেকি নামৰূপ সাৰ-কাৰখানা?

বন্ধ হবগৈ নেকি নামৰূপ সাৰ-কাৰখানা?

ৰাজ্যত পুনৰ ধৰ্ষণ! বকোত ৩৮ বছৰীয়া মহিলাক ধৰ্ষণ চাৰি পাষণ্ডৰ

ৰাজ্যত পুনৰ ধৰ্ষণ! বকোত ৩৮ বছৰীয়া মহিলাক ধৰ্ষণ চাৰি পাষণ্ডৰ

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.