• About
  • Advertisement
  • Contact
Sunday, May 15, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Health

কোভিডঃ আপোনাৰ শিশুটিক কেনেকৈ ৰাখিব সুৰক্ষিত?

Spotlight Northeast by Spotlight Northeast
July 5, 2021
in Health
Reading Time: 1 min read
A A
কোভিডঃ আপোনাৰ শিশুটিক কেনেকৈ ৰাখিব সুৰক্ষিত?
Share on FacebookShare on TwitterShare on Whatsapp

কোভিডৰ দ্বিতীয়ে ঢৌৱে সমগ্ৰ দেশ তথা ৰাজ্যক বাৰুকৈয়ে তচনচ কৰি গৈছে। তাৰ মাজতে বিশ্বৰ আগশাৰীৰ চিকিৎসা বিজ্ঞানী সকলে কোভিডৰ তৃতীয় ঢৌক লৈ ইতিমধ্যেই সতৰ্ক বাণী শুনাইছে। কোভিডৰ তৃতীয় ঢৌৱে বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলাব বুলি দেশ-বিদেশৰ চিকিৎসা বিজ্ঞানী সকলে সাৱধান বাণী কৰিছে। কোভিডৰ তৃতীয় ঢৌ আৰম্ভ নহওতেই দেশ তথা ৰাজ্যত বিগত কেইটা মান দিনত বহু সংখ্যক শিশু আৰু কিশোৰ-কিশোৰী কোভিডত আক্ৰান্ত হোৱা দেখা গৈছে।

ADVERTISEMENT

তেনেস্থলত কোভিডৰ পৰা নিজৰ শিশুটিক কিদৰে সুৰক্ষিত কৰি ৰাখিব তাকে লৈ এতিয়া চিন্তিত হোৱা দেখা গৈছে পিতৃ-মাতৃ তথা পৰিয়ালৰ জ্যেষ্ঠ সকলক। চিকিৎসা বিজ্ঞানীৰ মত অনুসৰি সাধাৰণতে ৫ বছৰ বয়সৰ তলৰ শিশু কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বা আক্ৰান্ত হোৱাৰ সংখ্যা তেনেই ক’ম। কিয়নো ০-৫ বছৰ বয়সৰ শিশুৰ দেহত ভাইৰাছ কঢ়িয়াব পৰা ৰিচেপ্টৰ নাথাকে। কিন্তু ৬ বছৰ বয়সৰ উৰ্দ্ধৰ শিশু সকল কোভিডত আক্ৰান্ত হোৱাৰ আশংকা অধিক। তেনেস্থলত কোনো শিশু পানীলগা, জ্বৰ, কাঁ‌হ, ডায়েৰীয়া আদিত আক্ৰান্ত হ’লে পলম নকৰাকৈ কোভিড টেষ্ট কৰোৱা বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় চিকিৎসা বিজ্ঞানী তথা শিশু বিশেষজ্ঞ সকলে।

শিশু বা কিশোৰক কোভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ খাদ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায় শিশু বিশেষজ্ঞ সকলে। শিশুক প্ৰচুৰ পৰিমাণে পানী সেৱন কৰোৱাৰ লগতে উপযুক্ত ফল-মূল, সেউজীয়া শাক পাচলি, ঘী, বাটাৰ, গাখীৰ, প্ৰটিনযুক্ত আহাৰ শিশুৰ খাদ্য তালিকাত প্ৰতিদিনেই ৰাখিব লাগে। লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি শিশুক মাল্টিভিটামিন সেৱন কৰোৱাৰ পৰামৰ্শ আগবঢ়ায় শিশু বিশেষজ্ঞ সকলে। দৈনিক কিছু খেলা-ধুলাইও শিশুৰ শাৰিৰীক-মানসিক স্বাস্থ্য সুস্থ ৰখাৰ লগতে শিশুৰ দেহত ইমিউনিটি বৃদ্ধিত সহায় কৰে। একাংশ শিশু বিশেষজ্ঞৰ মত অনুসৰি শিশুক ইনফ্লুৱেঞ্জা ভেকচিন প্ৰদানেও শিশুৰ দেহত কোভিড সংক্ৰমণ ৰোধত কিছু পৰিমাণে হ’লেও সহায় কৰিব পাৰে।

অভিভাৱক আৰু পৰিয়ালৰ জ্যেষ্ঠ সকল সজাগ আৰু সাৱধান হ’লেহে শিশু বা কিশোৰ-কিশোৰীসকলক কোভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যাব। তেনেস্থলত শিশুক সঘনাই হাত ধুওৱা, মাস্ক পৰিধান কৰোৱা আদি কামবোৰ পৰিয়ালৰ জ্যেষ্ঠসকলেই শিকাব লাগিব। সমান্তৰালভাৱে অতি জৰুৰী নহ’লে শিশুক ঘৰৰ পৰা বাহিৰলৈ নিনিয়া, পৰিয়ালৰ জ্যেষ্ঠ সকলক বাহিৰৰ পৰা ঘৰ সোমোৱাৰ সময়ত সকলো ধৰণৰ কোভিড সংক্ৰান্তীয় সাৱধানতা মানি চলা আদিয়ে শিশুক কোভিড সংক্ৰমণৰ পৰা বচাই ৰখাত যথেষ্ট সহায়ক হ’ব পাৰে বুলি বিশেষজ্ঞ সকলে মত পোষণ কৰে।

Tags: COVID-19
ShareTweetSend
Previous Post

অইল ইণ্ডিয়াৰ মকৰলৰ জাননী পক্ষপাতমূলকঃ আলফা (স্বা)

Next Post

বন্ধ হবগৈ নেকি নামৰূপ সাৰ-কাৰখানা?

Next Post
বন্ধ হবগৈ নেকি নামৰূপ সাৰ-কাৰখানা?

বন্ধ হবগৈ নেকি নামৰূপ সাৰ-কাৰখানা?

ৰাজ্যত পুনৰ ধৰ্ষণ! বকোত ৩৮ বছৰীয়া মহিলাক ধৰ্ষণ চাৰি পাষণ্ডৰ

ৰাজ্যত পুনৰ ধৰ্ষণ! বকোত ৩৮ বছৰীয়া মহিলাক ধৰ্ষণ চাৰি পাষণ্ডৰ

Ravi Shastri or Rahul Dravid? Former Captain Kapil Dev’s opinion

Ravi Shastri or Rahul Dravid? Former Captain Kapil Dev's opinion

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.