২০ জুনত ভূৰাগাঁৱৰ বালিডোঙাত এগৰাকী ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল এগৰাকী ছৈয়দ আলী নামৰ ব্যক্তিয়ে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘটনাৰ মূল অভিযুক্ত ছৈয়দ আলীক। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱা স্থানলৈ ছৈয়দ আলীক লৈ যোৱাৰ অৱস্থাতেই বাটৰ পৰা পলায়নৰ চেষ্টা চলায় ছৈয়দে।
উপায়ান্তৰ হৈ শিশু ধৰ্ষণ-হত্যা কাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলী ওৰফে পাঠালৈ গুলীচালনা কৰে আৰক্ষীয়ে। লগে লগেই আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় পাঠা ওৰফে ছৈয়দ আলী।
বৰ্তমান সময়ত অভিযুক্ত ছৈয়দ আলী ওৰফে পাঠা আলী আৰক্ষীৰ গুলিত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।