উত্তৰাখণ্ডত বিজেপি চৰকাৰৰ অথন্তৰ। চাৰিমাহত তিনিজনকৈ মুখ্যমন্ত্ৰী সলনি কৰিব লগীয়া হ’ল উত্তৰাখণ্ডত। তিৰথ সিং ৰাৱাতৰ পাছত পুস্কৰ সিং ধামী হ’ব উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী।
উল্লেখ্য যে, কালি নিশা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল তীৰথ সিং ৰাৱাতে। ৰাৱাতে ৰাজ্যখনৰ দশম মুখ্যমন্ত্ৰী হিচাপে প্ৰায় চাৰি মাহ কাৰ্যকাল চলাইছিল। দলীয় সংঘাতক কেন্দ্ৰ কৰি পূৰ্ৱৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাতে পদত্যাগ কৰাৰ পাছত সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা তিৰথ সিং ৰাৱতে চলিত বৰ্ষৰ ১০ মাৰ্চত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। নিয়ম অনুসৰি মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ ৬ মাহৰ ভিতৰত তিৰথ সিং ৰাৱাত ৰাজ্যখনৰ বিধান সভালৈ নিৰ্বাচিত হ’ব লাগে। তেওঁৰ বিধান সভালৈ নিৰ্বাচিত হোৱাৰ সময় সীমা ১০ ছেপ্টেম্বৰ। কিন্তু কোভিড পৰিস্থিতিত উপ নিৰ্বাচন অনুষ্ঠিত নোহোৱা ৰাজ্যখনত এতিয়া আৰু উপ নিৰ্বাচন সম্ভৱ নহয়, কিয়নো অহা বছৰ ৰাজ্যখনত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত তিৰথ সিং ৰাৱাতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।
আজি ৰাজ্যখনৰ বিজেপি দলৰ তত্বাৱধায়ক তথা কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিজেপি বিধায়নী দলৰ বৈঠকৰ পাছতে দলটোৱে নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে পুস্কৰ সিং ধামীক। ধামীয়ে আজিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।