Spotlight Northeast
14 May,2021* 15:30 IST* 2 MIN READ
ৰাজহুৱা খণ্ডৰ তিনিটা আগশাৰীৰ প্ৰতিষ্ঠান OIL, ONGC আৰু ভাৰতীয় তৈল নিগমলৈ পৰেশ বৰুৱা নেতৃত্বাধীন নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে বান্ধি দিছে সাতটাকৈ চৰ্ত ।
এতিয়ালৈকে এই প্ৰতিষ্ঠানকেইটাই অসমৰ পৰা কিমান সম্পদ আহৰণ কৰিলে তাৰ তথ্য ৰাজহুৱা কৰাৰ দাবী জনাইছে আলফাই।
প্ৰতিষ্ঠানকেইটাৰ সঞ্চালক পদ থলগিৰি লোকৰ বাবে সংৰক্ষিত কৰা, ৯৫ শতাংশ চাকৰি থলগিৰিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা, নিযুক্তি স্বচ্ছ আৰু নিকা কৰা, ঠিকাভিত্তিক নিয়োগৰ সলনি চাকৰি নিয়মীয়া কৰা, গাঁওসমূহলৈ পাইপযোগে ৰন্ধন গেছ যোগান ধৰা, দুৰ্যোগ সাহায্যৰ বাবে ৫ কোটি টকা বৰঙণি আগবঢ়োৱা আদি চৰ্ত আৰোপ কৰিছে বিদ্ৰোহী সংগঠন আলফা স্বাধীনে।
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এই চৰ্তকেইটা মানি ল’লে অইল, অ’এনজিচি আৰু আইঅ’চিৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ সামৰিক অভিযান চলোৱাৰ পৰা বিৰত থাকিব সংগঠনটো।
কি কি চৰ্ত বান্ধি দিছে আলফা স্বাধীনে?
১) অ’ এন জি চি অইলত চাকৰিৰ ৯৫ শতাংশ কেৱল থলগিৰি লোকৰ বাবে সংৰক্ষণ কৰিব লাগিব।
২)চাকৰিত মকৰলৰ সকলোধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই পাতিব লাগিব।
৩) অ’ এন জি চি অইলৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰিব লাগিব।
৪)অ’ এন জি চি অইলৰ ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰিব লাগিব।
৫)আৰম্ভণিৰে পৰা অসমৰ কিমান লম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ হিচাপ দিব লাগিব।
৬)অ’ এন জি চি অইলৰ চাকৰিত নিয়োগৰ নামত চলি থকা অসাধু গোষ্ঠাীক উৎখাত কৰিব লাগিব।
৭)অসমৰ বিভিন্ন উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ বিভিন্ন দল-সংগঠনক দান-বৰঙণি দিয়াৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনক প্ৰতিষ্ঠান দুটাই প্ৰত্যক্ষভাৱে বছৰি ৫ কোটিকৈ টকা দিব লাগিব।