• About
  • Advertisement
  • Contact
Saturday, May 21, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

শিৱসাগৰত পুৱাই কি কৰিলে অখিল গগৈয়ে?

Spotlight Northeast by Spotlight Northeast
July 3, 2021
in Assam, Politics
Reading Time: 1 min read
A A
শিৱসাগৰত পুৱাই কি কৰিলে অখিল গগৈয়ে?
Share on FacebookShare on TwitterShare on Whatsapp

সুদীৰ্ঘ ১৬ মাহ কাৰাবন্দীত্বৰ অৱসান ঘটায় মুকলি আকাশৰ তললৈ অহা অখিল গগৈয়ে মুক্তিৰ দ্বিতীয় দিনাই উপস্থিত হয় শিৱসাগৰত। কালি ৰংঘৰৰ বাকৰিত সেৱা জনাই দুৰ্নীতি নকৰাৰ শপত লৈ সমষ্টিবাসীক সাক্ষাৎ কৰিছিল বিধায়ক অখিল গগৈয়ে। শিৱসাগৰক বিশ্বৰ ঐতিহাসিক চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰিছিল বিধায়ক গগৈয়ে।

ADVERTISEMENT

নিশাটো শিৱসাগৰত কটায় তেওঁ। আজি পুৱাই বিধায়ক গৰাকী দলীয় সতীৰ্থসকলক লগত লৈ সমষ্টি পৰিদৰ্শন কৰিবলৈ ওলায়। বিধায়ক গগৈয়ে পুৱা ৫ বজাৰ পৰা শিৱসাগৰ পুখুৰী, বিষ্ণু দল, দিখৌ নদীৰ ওপৰৰ ওলোমা দলং, ফাকুৱা দল, যমুনা, আৱৰ্ত ভৱন, হৰগৌৰী দল, তলাতল ঘৰ, গোলাঘৰ, ৰুদ্ৰসিংহ উদ্যান, জয়সাগৰ পুখুৰী, দেৱী দল, ঘনশ্যাম দল আদি পৰিদৰ্শন কৰে।

বিধায়ক অখিল গগৈয়ে ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সমস্যাৰ বুজ লয় পৰিদৰ্শন কালত। ইপিনে চাৰি-পাচ দিন শিৱসাগৰত থাকি অখিল গগৈয়ে সমষ্টিটোৰ বিভিন্ন গাঁও তথা ঠাইলৈ গৈ সমস্যাৰ বুজ ল’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে শিৱসাগৰ বিধান সভা সমষ্টিত উপস্থিত হৈছে অখিল গগৈ। কাৰাবন্দী হৈ থাকোতেই ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈ ইতিহাস ৰচিছিল অখিল গগৈয়ে। ইপিনে বিধায়ক গৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসীও।

Tags: Akhil GogoiRaijor DalSivsagar
ShareTweetSend
Previous Post

ৰংঘৰৰ বাকৰিত দুৰ্নীতি নকৰাৰ শপত অখিল গগৈৰ

Next Post

খুমটাইৰ চুঙিহোলা বিলত বন্যহস্তীৰ কৰুণ মৃত্যু।

Next Post
খুমটাইৰ চুঙিহোলা বিলত বন্যহস্তীৰ কৰুণ মৃত্যু।

খুমটাইৰ চুঙিহোলা বিলত বন্যহস্তীৰ কৰুণ মৃত্যু।

এনকাউন্টাৰ! অসম আৰক্ষীৰ গুলিত নিহত আন এক অপৰাধী..

এনকাউন্টাৰ! অসম আৰক্ষীৰ গুলিত নিহত আন এক অপৰাধী..

বিচ্ছেদ!  আকৌ বিবাহ বিচ্ছেদ আমিৰ খানৰ….

বিচ্ছেদ! আকৌ বিবাহ বিচ্ছেদ আমিৰ খানৰ....

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.