অসম-মিজোৰাম সীমান্তত উত্তেজনা। অসম-মিজোৰাম সীমান্তৰ হাইলাকান্দিত মিজোৰামৰ অসমৰ ভূমি বেদখলৰ চেষ্টা।
বৃহস্পতি বাৰে আন্ত:ৰাজ্যিক সীমা পাৰ হৈ মিজোৰামে দুবাৰকৈ বেদখলৰ চেষ্টা চলায়। কিন্তু অসমৰ আৰক্ষী-প্ৰশাসনৰ তৎপৰতাত ব্যৰ্থ হয় তেওঁলোকৰ চেষ্টা।
অসমৰ মাটিত কেইবাটাও অস্থায়ী ঘৰ সাজিছিল মিজোৰামে। উল্লেখ্য যে, পূৰ্বতেও এনে ধৰণৰ অনুৰূপ ঘটনা সংঘটিত কৰি আহিছে চুবুৰীয়া ৰাজ্য মিজোৰামে।
অসমৰ আন আন চুবুৰীয়া ৰাজ্যৰ এনে আগ্ৰাসী চৰিত্ৰৰ বাবে সংকটৰ সন্মুখীন হয় সীমান্তবাসী অসমীয়া। আৰক্ষী প্ৰশাসনে বাৰে বাৰে চুবুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন বাধা দি আহিছে যদিও এতিয়ালৈ অন্ত পৰা নাই চুবুৰীয়া ৰাজ্য কেইখনৰ অসমৰ ভূমিত অবাধ বেদখল।