ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে অতি সু-খৱৰ। ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতৰ প্ৰথম গৰাকী মহিলা সাঁতোৰবিদ মানা পেটেলে। মানা পেটেলৰ পূৰ্বে ভাৰতৰ সাঁতোৰবিদ চাজন প্ৰকাশ আৰু শ্ৰীহৰি নটৰাজে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল।
উল্লেখ্য যে ইউনিভাৰ্ছেলিটী কোটাৰ জৰিয়তে অলিম্পিকত স্থান নিশ্চিত কৰিছে মানা পেটেলে। শেহতীয়াকৈ তেওঁ ছাৰ্বিয়া আৰু ইটালীত অনুষ্ঠিত বিভিন্ন ইভেণ্টত অংশ লৈছিল। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত উজবেকিস্তানত অনুষ্ঠিত অ’পেন ছুইমিং চেম্পিয়নশ্বিপত ১০০ মিটাৰ বেক ট্ৰোকত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল মানা পেটেলে।
মানা পেটেলৰ কৃতকাৰ্যতাত উৎফুল্লিত হৈ পৰিছে ক্ৰীড়া আৰু যু্ৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজেজু। মন্ত্ৰী গৰাকীয়ে এটি টুইটৰ জৰিয়তে মানা পেটেললৈ শুভেচ্ছা প্ৰকাশ কৰে।
মানা পেটেলে অলিম্পিকত ১০০ মিটাৰ বেক ষ্ট্ৰোক ইভেণ্টতত দেশৰ হৈ প্ৰতিনিধিত্ব কৰিব।