অসম আৰক্ষীৰ গুলীত নিহত হ’ল আন এজন কুখ্যাত অপৰাধী।
অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ’ল অজিত দাস অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড কৱলদীপ সিং সিদ্ধু। কাৰ্বি আংলঙত আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰাৰ পাছতে পলায়নৰ চেষ্টা কৰিছিল কৱলদীপ সিং সিদ্ধুৱে। আৰক্ষীৰ অস্ত্ৰ কাঢ়ি গুলীচালনা কৰি পলায়নৰ চেষ্টা কৰিছিল সিদ্ধুয়ে। লগে লগে আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীত আঘাত প্ৰাপ্ত অপৰাধীজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু হয় অপৰাধীজনৰ।
উল্লেখ্য যে, অজিত দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ী এজনৰ অপহৰণত জড়িত আছিল নিহত কৱলদীপ সিং সিদ্ধু। ৩০ জুনত ড্ৰাগছ সৰবৰাহকাৰী অজিত দাসক পল্টন বজাৰৰ কালিবাৰীৰ পৰা আৰক্ষীৰ পোছাকত অহা ৫ জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিছিল। অপহৰণৰ সৈতে জড়িত দুগৰাকী আৰক্ষী জোৱান, এগৰাকী হোমগাৰ্ড গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা কৱলদ্বীপ সিঙ সিদ্ধুৰ সন্ধানত আছিল মহানগৰ আৰক্ষী। কাৰ্বিআংলঙৰ দলদলি বনাঞ্চলত আৰক্ষীয়ে কৰায়ত্ত কৰিছিল সিদ্ধুক।