ভাৰতত অধিকাংশই নিবিচাৰে ভিন্ন ধৰ্মীয় বিবাহ: পিউ’ৰ সমীক্ষাঅসবৰ্ণ বিবাহ হৈছে ভিন্ন ধৰ্মৰ দৰা কইনাৰ মাজত হোৱা এক বিবাহ। ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত যদিও অনৈক্যৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ কথা কোৱা হয়,ধৰ্ম সমন্বয় বা ধৰ্ম সমানতাৰ কথা দোহাৰা হয়,কিন্তু বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কিমান?
আমেৰিকাৰ “পিউ ৰিচাৰ্জ চেন্টাৰ” নামৰ এটা সংস্থাই ভাৰতত অসবৰ্ণ বিবাহৰ গ্ৰহণযোগ্যতাক লৈ চলাইছিল সমীক্ষা। দেশৰ ২৬ খন ৰাজ্য,২৯,৯৯৯ টা সাক্ষাৎকাৰৰ জৰিয়তে বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তিক “ইণ্টাৰ ফেইট মেৰিজ”ৰ গ্ৰাহ্যতা সম্পৰ্কে প্ৰশ্ন সোধা হৈছিল।
“ভাৰতত ভিন্ন ধৰ্ম; সহনীয়তা আৰু বৰ্ণ বৈষম্যতা” শীৰ্ষক সমীক্ষাত উন্মোচিত হয় বহু আশ্বৰ্যজনক তথ্য।
চাৰ্ভে অনুসৰি, ৬৭ শতাংশ হিন্দু , ৮০ শতাংশ মুছলিম, ৫৯ শতাংশ শিখ আৰু ৬৬ শতাংশ জৈন ধৰ্মীয় লোকে নিবিচাৰে তেওঁলোকৰ মহিলা অন্য ধৰ্মৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা।
আনহাতে ৬৫ শতাংশ হিন্দু, ৭৬ শতাংশ মুছলমান,৫৮ শতাংশ শিখ আৰু ৫৯ শতাংশ জৈন ধৰ্মীয় ব্যক্তিয়ে নিবিচাৰে তেওঁলোকৰ পুৰুষ অন্য ধৰ্মীয় মহিলাৰ সৈতে দাম্পত্য জীৱনত অংশ গ্ৰহণ কৰাৰ।
তাৰোপৰি ৩৭ শতাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বীয়ে তেওঁলোকৰ মহিলা পৃথক ধৰ্মীয় বিশ্বাসত বিশ্বাসী ব্যক্তিৰ সৈতে বিবাহ নিবিচৰাৰ বিপৰীতে ৩৫ শতাংশ খ্ৰীষ্টিয়ান ব্যক্তিয়ে নিবিচাৰে তেওঁলোকৰ পুৰুষ অন্য ধৰ্মীয় মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ।
সমান্তৰালভাৱে ৪৬ শতাংশ বৌদ্ধধৰ্মীয় লোকে তেওঁলোকৰ নাৰী অন্য ধৰ্মৰ পুৰুষ সৈতে বিবাহত আৱদ্ধ নোহোৱাটো বিচৰাৰ বিপৰীতে আন ৪৪ শতাংশ বৌদ্ধধৰ্মী লোকে নিবিচাৰে তেওঁলোকৰ পুৰুষ পৃথক ধৰ্মীয় মহিলাৰ সৈতে বিবাহকাৰ্যত অংশগ্ৰহণ কৰা।
পিউ’ৰ এই শেহতীয়া চাৰ্ভে মতে,”ইণ্টাৰ ফেইট মেৰিজ” কৰাৰ পিছত প্ৰায় ৯৯ শতাংশ দম্পতীয়ে তেওঁলোকৰ পূৰ্বৰ ধৰ্মকে বাহাল ৰাখে।
৯৯ শতাংশ হিন্দু,৯৮ শতাংশ মুছলমান,৯৫ শতাংশ খ্ৰীষ্টিয়ান,৯৭ শতাংশ শিখ আৰু বৌদ্ধধৰ্মৰ লোকে এই ব্যৱস্থাকে গ্ৰহণ কৰি আহিছে।