ভাৰতত টুইটাৰ কতৃপক্ষই এইবাৰ জন্মু-কাশ্মীৰ আৰু লাডাখক পৃথক দেশলৈ ৰূপান্তৰিত কৰিলে। ইয়াৰ পিছতে ভাৰতৰ টুইটাৰ কতৃপক্ষৰ মুৰব্বী মনীষ মহেশ্বৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। মাত্ৰ কিছু দিন পূৰ্বে টুইটাৰ ইণ্ডিয়াই টুইপ লাইভ নামৰ এটা শাখাত দেশৰ জন্মু-কাশ্মীৰ আৰু লাডাখ প্ৰান্তক অন্য দেশ বুলি ভুলকৈ উপস্থাপন কৰিছিল।যাৰ বাবে ভাৰতৰ টুইটাৰ কতৃপক্ষৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী।
অৱশ্যে চাৰিওদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত টুইটাৰ ইণ্ডিয়াই ভুল নক্সা আঁতৰাই শুদ্ধ কৰিছে। ভাৰতৰ টুইটাৰ কতৃপক্ষৰ বিৰুদ্ধে এয়া উত্তৰ প্ৰদেশ আৰক্ষীৰ দ্বিতীয়টো গোচৰ।
ভাৰতত টুইটাৰৰ ব্যৱহাৰ সৰ্বজনবিদিত। কিন্ত সামাজিক মাধ্যমৰ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম টুইটাৰৰ এনে তথ্য বিভ্ৰান্তিৰ ঘটনাই নিসন্দেহে ভুল বাৰ্তা প্ৰেৰণ কৰিব পাৰে বহি:বিশ্বলৈ । দেশ বিদেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খৱৰ মুহূৰ্ততে জানিব পাৰে টুইটাৰৰ জৰিয়তে । কিন্ত টুইটাৰৰ এনেধৰণৰ সঘনাই সংঘটিত কৰি অহা সাধাৰণ অথচ অতি গুৰুত্বপূৰ্ণ বিসংগতিৰ বাবে ভাৰতৰ তথ্য আৰু আইন সুৰক্ষাৰ বাবে গঠিত কমিটিয়ে পূৰ্বতে দেশৰ আইনক প্ৰাধান্য দিবলৈ সাৱধানবাণী শুনাইছিল।
কিন্তু এনেবোৰ ভুলৰ পুনৰাবৃত্তিয়ে বিপদে লগ নেৰা হৈছে ভাৰতৰ টুইটাৰ কতৃপক্ষক।