• About
  • Advertisement
  • Contact
Thursday, May 26, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Health

ভাৰতত নিৰ্মিত কোভিশ্বীল্ড ভেকচিন লোৱা লোকে যাব নোৱাৰিব ইউৰোপলৈ।

ইউৰোপত কোভিশ্বীল্ডক অবৈধ ঘোষণা

Spotlight Northeast by Spotlight Northeast
June 30, 2021
in Health, International
Reading Time: 1 min read
A A
ভাৰতত নিৰ্মিত কোভিশ্বীল্ড ভেকচিন লোৱা লোকে যাব নোৱাৰিব ইউৰোপলৈ।
Share on FacebookShare on TwitterShare on Whatsapp

ইউৰোপত কোভিশ্বীল্ডক অবৈধ ঘোষণা।কোভিশ্বীল্ড ভেকচিন লোৱা লোকে যাব নোৱাৰিব ইউৰোপলৈ।

ADVERTISEMENT

বহিঃ ৰাষ্ট্ৰই স্বীকৃতি দিয়া নাই ভাৰতত নিৰ্মিত কোভেক্সিন বা কোভিশ্বীল্ড ভেকচিনক। কোভেক্সিন সন্দৰ্ভত পূৰ্ৱতে বাধা-নিষেধ বিশ্বৰ বিভিন্ন দেখে আৰোপ কৰিছিল যদিও শেহতীয়া ভাৱে ইউৰোপীয় সংঘই অস্বীকাৰ কৰিছে কোভিশ্বিল্ডৰ গ্ৰহণযোগ্যতাকো। যাৰ বাবে কোভিডশ্বীল্ডৰ ক্ষেত্ৰত ইউৰোপীয় সংঘত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় গ্ৰীন পাছ প্ৰদানত অস্বীকাৰ কৰিছে ইউৰোপীয় সংঘই। উল্লেখ্য যে গ্ৰীণ পাছ হৈছে ইউৰোপত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা অনুমতি পত্ৰ, যাক ভেকচিন পাচপ’ৰ্ট হিচাপেও অভিহীত কৰা হৈছে। কোভিশ্বীল্ড সন্দৰ্ভৰ ইউৰোপীয়া মেডিচিন এজেন্সী চমুকৈ EMA কয় যে এইপৰ্যন্ত ভাৰতৰ চীৰাম ইনষ্টিটিউটে উৎপাদন কৰা কোভিশ্বীল্ড ভেকচিন ইউৰোপীয় সংঘৰ ২৭ খন দেশত গ্ৰহণযোগ্য নহয় এইবাবেই যে এইপৰ্যন্ত চীৰাম ইনষ্টিটিউটে এইপৰ্যন্ত মাৰ্কেটিংৰ অনুমতি লাভ কৰা নাই। অৰ্থাৎ কোভিশ্বীল্ড ইউৰোপত বিক্ৰীও কৰিব নোৱাৰে, কোভিশ্বীল্ড গ্ৰহন কৰা লোকক ইউৰোপে দেশত প্ৰৱেশৰ অনুমতিও নিদিয়ে।
মন কৰিবলগীয়া যে এইপৰ্যন্ত ইউৰোপীয় সংঘই চাৰিবিধ ভেকচিনক স্বীকৃতি প্ৰদান কৰিছে। বায়টেক ফাইজাৰৰ কামিৰনাটী আৰু মাডৰ্না বা স্পাইকভেক্স, অক্সফোৰ্ড এক্সট্ৰাজেনিকাৰ ভেক্সজেভৰীয়া আৰু জানচন এণ্ড জানচনৰ কোভিড ১৯ ভেকচিন জানচেন। তাৎপৰ্যপূৰ্ণ যে চীৰাম ইনষ্টিটিউটে অক্সফোৰ্ড এক্সট্ৰাজেনিকাৰ সৈতে মিলি প্ৰস্তুত কৰিছিল কোভিশ্বীল্ড ভেকচিন। অৰ্থাৎ নাম ভিন্ন হ’লেও অক্সফোৰ্ড এক্সট্ৰাজেনিকাৰ ভেক্সজেভৰীয়াই ভাৰতৰ কোভিশ্বীল্ড ভেকচিন। কিন্তু ভেক্সজেভৰীয়াক স্বীকৃতি দিয়া ইউৰোপীয় সংঘই ভাৰত কোভিশ্বীল্ডক নিদিলে স্বীকৃতি। কাৰণ- একেই প্ৰক্ৰিয়াৰে উৎপাদন হ’লেই উৎপাদন কাৰ্যৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভেকচিনৰ মূল প্ৰডাক্টত প্ৰভাৱ পৰা সন্দেহ। এই সন্দেহ দূৰীকৰণৰ বাবে ইউৰোপীয়া মেডিচিন এজেন্সীয়ে নিজেই ভেকচিন নিৰ্মাণ থল পৰীক্ষা কৰি ভেকচিনৰ গ্ৰহণযোগ্যতা বিচাৰ কৰে। তাৰ বাবে প্ৰয়োজন হয় ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠানৰ আবেদনৰ। কিন্তু ভাৰতৰ চীৰাম ইনষ্টিটিউটে কোভিশ্বীল্ড ভেকচিনক অনুমোদন জনোৱাৰ বাবে EMA ৰ ওচৰত কোনো আবেদন জনোৱা নাছিল। অৱশ্যে ইউৰোপীয় সংঘৰ বাধা নিষেধৰ পাছতে চীৰাম ইনষ্টিটিউটৰ CEO আদাৰ পুনাৱালাৰ লগতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় তৎপৰ হোৱা দেখা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰেও বিষয়টোক লৈ বিশেষ তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে।
অৱশ্যে ইয়াৰ পাছত ইউৰোপীয় সংঘই বিষয়টো সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয়।

Tags: CovaxinCoviMinistry of Health
ShareTweetSend
Previous Post

বুধবাৰৰ কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Next Post

চিনেমাট’গ্ৰাফ আইন সংশোধনীৰ বিৰোধিতা চলচ্চিত্ৰ নিৰ্মাতা,অভিনেতাৰ

Next Post
চিনেমাট’গ্ৰাফ আইন সংশোধনীৰ বিৰোধিতা চলচ্চিত্ৰ নিৰ্মাতা,অভিনেতাৰ

চিনেমাট'গ্ৰাফ আইন সংশোধনীৰ বিৰোধিতা চলচ্চিত্ৰ নিৰ্মাতা,অভিনেতাৰ

আজিয়ে মুকলি আকাশৰ তললৈ আহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

অখিল গগৈৰ মুক্তিৰ খবৰ লাভৰ পিছতেই পত্নী গীতাশ্ৰী তামুলীৰ প্ৰতিক্ৰিয়া

অখিল গগৈৰ মুক্তিৰ খবৰ লাভৰ পিছতেই পত্নী গীতাশ্ৰী তামুলীৰ প্ৰতিক্ৰিয়া

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.