ইলাচীৰ ঔষধী গুণ সৰ্বজন বিদিত। ইলাচীৰ নিয়মিত সেৱনে গেষ্ট্ৰিক, এচিডিটি, পেটৰ ৰোগ আদি নিৰ্মূল কৰিব পাৰে। ইলাচী চোবাই খালে মুখৰ দুৰ্গন্ধ নাইকীয়া হোৱাৰ লগতে মুক্ত হ’ব পাৰে আপোনাৰ দাঁতৰ সমস্যা।
ইলাচীত থকা কাৰ্বহাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, পটেছিয়াম, মেগনেচিয়াম, আইৰণ আদি উপাদান যিকোনো স্তৰৰ লোকৰ স্বাস্থ্যৰ বাবেই উপকাৰী। ইলাচীৰ নিয়মিত সেৱনে মুখৰ কৰ্কট, মেদ কমোৱা, ওজন কমোৱা, ভাল টোপনি অহা আদিত যথেষ্ট সহায় কৰে।
আয়ুৰ্বেদিক বিশেষজ্ঞৰ মত অনুসৰি নিশা বিচনা লৈ যোৱাৰ আগতে দুটা ইলাচী গৰম পানীৰ সৈতে খালে নিদ্ৰা ভাল হয়। লগতে ইলাচী সেৱনে টোপনিত নাকৰ শব্দ হোৱাৰ পৰাও পৰিত্ৰাণ দিব পাৰে।
পুৰুষে নিশা শুৱাৰ আগতে গৰম পানী বা গাখীৰেৰে দুটাকৈ ইলাচী খালে বিভিন্ন যৌন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে। নপুংসকতা আদি সমস্যা ইলাচীয়ে দূৰ কৰিব পাৰে বুলি আয়ুৰ্বেদিক বিশেষজ্ঞ সকলে দাবী কৰে। আনহাতে ইলাচীৰ ঔষধী গুণে যৌন স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে।