• About
  • Advertisement
  • Contact
Thursday, May 19, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

সংকটত শতিকা গৰকা অসমৰ চাহ অৰ্থনীতি

৫ সহস্ৰাধিক থলুৱা চাহ উদ্যোগী সন্মুখীন বৃহৎ অনিশ্চয়তাৰ

Spotlight Northeast by Spotlight Northeast
June 29, 2021
in Assam
Reading Time: 1 min read
A A
সংকটত শতিকা গৰকা অসমৰ চাহ অৰ্থনীতি
Share on FacebookShare on TwitterShare on Whatsapp

শতিকা গৰকা বিশ্ববিখ্যাত অসম চাহৰ অৰ্থনীতি এতিয়া বিধ্বস্ত।
৫ সহস্ৰাধিক ক্ষুদ্ৰ আৰু মজলীয়া চাহ ব্যৱসায়ী সন্মুখীন হৈছে অনিশ্চয়তাৰ ।
অসমৰ চাহ বাগিচাত নিয়োজিত ৭ লক্ষাধিক শ্ৰমিক-কৰ্মচাৰীৰ পৰিয়াললৈ আহি পৰিছে কাল অমানিশা। ৰাজ্য খনত আছে মজলীয়া আৰু ক্ষুদ্ৰ খণ্ডৰ ১৫ হাজাৰ চাহ বাগিচা।

ADVERTISEMENT

যোৱা এটা বছৰত ১২০০ কোটিৰ অধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগে। ২০১৮ চনৰ পৰাই অসমৰ চাহ খণ্ডত ক্ৰমাৎ উৎপাদন নিম্নগামী হ’বলৈ ধৰিছে।২০১৮ চনত অসমত মুঠ চাহ উৎপাদন হৈছিল ৬৯১.৯১ নিযুত মেট্ৰিকট’ন।
উপাৰ্জনৰ পৰিমান আছিল ১০৫১৭ কোটি টকা।২০১৯ বৰ্ষত এই উৎপাদন বৃদ্ধি পায় ৭১৬ নিযুত মেট্ৰিক ট’নলৈ।২০১৯বৰ্ষত উপাৰ্জন আছিল ১১২৪১ কোটি টকা। লক্ষণীয়ভাৱে ২০২০ চনৰ পৰা অসমত চাহৰ উৎপাদন হ্ৰাস পাবলৈ ধৰে। ২০২০ বৰ্ষত প্ৰায় ১০০ নিযুতলৈ হ্ৰাস পায় অসমত চাহৰ উৎপাদন। আৰু সেই বছৰত উৎপাদন আছিল ৬১৮ নিযুত মেট্ৰিক ট’ন আৰু উপাৰ্জন আছিল ১০৫০৬ কোটি। ২০২০ বৰ্ষত ৭০০ কোটিলৈ হ্ৰাস হয় উপাৰ্জনৰ পৰিমাণ।

চাহ উদ্যোগৰ এনে বিপৰ্যয়ৰ মাত্ৰা বৃদ্ধি কৰিছে ক’ভিড-19 য়ে। যোৱা বৰ্ষৰ পৰা ল’কডাউন অথবা ক’ভিড-19 সৃষ্ট পৰিৱেশৰ বিৰূপ প্ৰভাৱ পৰে ৰাজ্যৰ চাহ উৎপাদনত। ৰাজ্যৰ চাহ বাগিচা সমূহত চলিত বৰ্ষত মে’ মাহ পৰ্যন্ত ৪৪.০৬ মেট্ৰিক টন চাহ উৎপাদন হয়।চলিত বৰ্ষত এতিয়ালৈ উপাৰ্জন হয় ৯৩৮ কোটি।

বিশ্বৰ সৰ্ববৃহৎ চাহ বিপনন ক্ষেত্ৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰই ৰপ্তানি বাণিজ্যত সন্মুখীন হৈছে লোকচানৰ।এফালে দেশত মুঠ উৎপাদিত চাহৰ ৯ শতাংশ চাহৰ বৰঙণি আগবঢ়োৱা ক্ষুদ্ৰ চাহ বাগিচাসমূহে জোৰাটাপলি মাৰি চলাই আহিছে উৎপাদন।
অসমত আছে ১৫ হাজাৰ মজলীয়া আৰু ক্ষুদ্ৰ চাহ বাগিচা। ইয়াৰে ৮০ শতাংশ চাহ বাগিচাৰে নাই নিজা কাৰাখানা। ক্ষুদ্ৰ আৰু মজলীয়া চাহ উদ্যোগ নিৰ্ভৰশীল বৃহৎ চাহ গোষ্ঠীৰ ওপৰত । গতিকে এনেক্ষেত্ৰত কেঁচা পাতৰ দাম নিৰ্দ্ধাৰণ কৰে বহুজাতিক বা বৃহৎ চাহ বাগিচা সমূহে। চৰকাৰেও ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহ ফেক্টৰী স্থাপনৰ বাবে আজিলৈ আগবঢ়োৱা নাই কোনো ব্যৱসায়ীগত সহায়।

তাৰোপৰি অসমৰ থলুৱা চাহ ব্যৱসায়ী সকলৰ দীৰ্ঘদিনীয়া দাবী হৈছে-চাহ ব’ৰ্ডৰ মুখ্য কাৰ্যালয় কলকাতাৰ পৰা অসমলৈ স্থানান্তৰিত কৰা। প্ৰায় ৬০৮ গৰাকী বিষয়া কৰ্মচাৰী নিয়োজিত কলকাতাৰ এই কাৰ্য্যালয়ত। চাহ ব’ৰ্ডৰ এই সকল বিষয়া-কৰ্মচাৰীৰ দৰমহাৰ নামত বছৰী খৰচ হয় ৪২ কোটি টকা। পিছে অসমৰ সামগ্ৰিক চাহ উদ্যোগৰ বিকাশৰ বাবে চাহ ব’ৰ্ডে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগৰ কথা সকলোৱে জ্ঞাত।

গতিকে অসমৰ থলুৱা চাহ খণ্ডৰ ভৱিষ্যত এতিয়া বহুলাংশে নিৰ্ভৰ চৰকাৰৰ হাতত। চৰকাৰৰ সহায় আৰু সঠিক নীতিয়েহে সলনি কৰিব পাৰিব চাহ অৰ্থনীতিৰ ভাগ্যৰ দুৱাৰ।

Tags: Assam GovernmentAssam Tea Industry
ShareTweetSend
Previous Post

আইচক্ৰীম বিক্ৰীৰ পৰা আৰক্ষী বিষয়ালৈ:এক সাধাৰণ মহিলাৰ অসাধাৰণ জীৱন যুদ্ধ

Next Post

আজি শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি।

Next Post
আজি শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি।

আজি শ্বহীদ জিণ্টু গগৈৰ মৃত্যু তিথি।

ভাৰতত অধিকাংশই নিবিচাৰে ভিন্ন ধৰ্মীয় বিবাহ: পিউ’ৰ সমীক্ষা

ভাৰতত অধিকাংশই নিবিচাৰে ভিন্ন ধৰ্মীয় বিবাহ: পিউ'ৰ সমীক্ষা

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ’লীয়াম মন্ত্ৰণালয়

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ'লীয়াম মন্ত্ৰণালয়

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.