৩১ জুলাইৰ ভিতৰত নতুন মূল্যায়ন পদ্ধতিৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব। কিন্তু ভৱিষ্যতলৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কামত নাহে এইসকল শিক্ষাৰ্থীৰ মাৰ্কশ্বীট ।যাৰ বাবে ৰাজ্যৰ দল সংগঠন,ছাত্ৰ-ছাত্ৰী,অভিভাৱক সকলৰ মাজত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়া। অধিকাংশই এই ব্যৱস্থাৰ বিৰোধিতা কৰিছে।
কিয়নো,অসম চৰকাৰৰ টেট পৰীক্ষা বা অন্যান্য তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি নিয়োগৰ ক্ষেত্ৰত বিবেচিত হয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ। তেনে ক্ষেত্ৰত এনে মূল্যায়ন পদ্ধতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে
এনে নিয়োগ সংক্ৰান্তীয় পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব।
এই সকল ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ নিয়োগৰ পৰীক্ষাত বহিবলৈ অসম উচ্চ মাধ্যমিক শিক্ষা সংসদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিবলগীয়া পৃথক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। একে সময়তে, এনে মূল্যায়ন পদ্ধতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীয়ে চিকিৎসা বিজ্ঞান অথবা অভিযান্ত্ৰিক শাখাত নামভৰ্তি কৰিব পাৰিব যদিও আবেদন কৰিব নোৱাৰিব অসম চৰকাৰৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীট বিবেচনা কৰা চৰকাৰী চাকৰিৰ বাবে। এনে ক্ষেত্ৰত ক’ভিডে জুৰুলা কৰা ৰাজ্যৰ শিক্ষাৰ্থী সকল ভৱিষ্যতে বিপাঙত পৰাটো এক প্ৰকাৰ নিশ্চিত।
এইক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই কয়- “ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা চৰকাৰৰ এনে সিদ্ধান্তক আমি কেতিয়াও মানি ল’ব নোৱাৰো। ফেব্ৰুৱাৰী মাহতেই সদৌ অসম ছাত্ৰ সন্থাই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী তুলিছিল যদিও চৰকাৰে ক’ভিড পৰিস্থিতিৰ দোহাই এনে সিদ্ধান্ত গ্ৰহণ নকৰিলে।” লগতে সদৌ অসম ছাত্ৰ সন্থাই শিক্ষাবিভাগ এই সিদ্ধান্ত বাতিলৰ দাবীৰে আজিয়ে চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
ইপিনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ছাত্র-মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ মন্তব্য- ” এয়া এক ছাত্ৰ বিৰোধী সিদ্ধান্ত। এনে মূল্যায়ন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ ওপৰত মানসিক হেঁচা পৰিব। তাৰোপৰি ছাত্ৰ- ছাত্ৰীয়ে মেডিকেল বা অভিযান্ত্ৰিক শাখাত নামভৰ্তি কৰাৰ পিচত পুনৰ শিক্ষা বিভাগে পাতিব লগা পৰীক্ষাত বহিব লগা হ’লে শিক্ষাৰ্থী গৰাকীৰ দুয়োটা পৰীক্ষাৰ ফলাফলত বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত।” তাৰোপৰি বৃহস্পতি বাৰৰ সংবাদমেলত মন্ত্ৰী ৰণোজ পেগুয়ে সকলো শিক্ষাৰ্থীয়ে চৰকাৰী চাকৰি কৰিবলৈ ইচ্ছুক নকৰে বুলি এক মন্তব্য প্ৰকাশ কৰিছিল। তাৰ প্ৰত্যুত্তৰত মন্ত্ৰী গৰাকীৰ মন্তব্যক তীব্ৰ কটাক্ষ কৰি ছাত্ৰ মুক্তিৰ সহ:সাধাৰণ সম্পাদক গৰাকীয়ে কয়-” সকলো শিক্ষাৰ্থীয়ে মন্ত্ৰী গৰাকীৰ দৰে মেডিকেল শিক্ষাৰ পিছত ৰাজনীতিলৈ নাযাবও পাৰে।”
শিক্ষা বিভাগৰ মূল্যায়ন পদ্ধতিৰ জৰিয়তে লাভ কৰা নম্বৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি কোৱা শিক্ষামন্ত্ৰীৰ ঘোষণাক অবিবেচক আখ্যা এছ এফ আইৰ। এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, সভাপতি কাশ্যপ চৌধুৰীয়ে কালি এক প্ৰেছ বিজ্ঞপ্তি যোগে কয়- “মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে আজি শিক্ষা বিভাগে মূল্যাংকন পদ্ধতি ঘোষণা কৰিছে আৰু তাৰ সমান্তৰালকৈ ঘোষণা কৰিছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই মূল্যায়ন পদ্ধতিকলৈ সন্তুষ্ট নহয়, তেওঁলোকে পৰৱৰ্তী সময়ত পৰীক্ষা দিব পাৰিব । কিন্তু পৰিতাপৰ বিষয় যে যিসকলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰৰ ওপৰত নিৰ্ভৰশীল চাকৰিৰ বাবে চৰকাৰে ঘোষণা কৰা মূল্যাংকন পদ্ধতি প্ৰযোজ্য নহ’ব বুলি কৰা শিক্ষামন্ত্ৰীৰ বক্তব্য অবিবেচক বুলি ভাৰতৰ ছাত্ৰ ফেডাৰেচনে মত পোষণ কৰিছে । এছ এফ আইৰ স্পষ্ট ঘোষণা যে মূল্যাংকন পদ্ধতিৰ জৰিয়তে লাভ কৰা নম্বৰ সকলো কামতে ব্যৱহাৰৰ যোগ্য হ’ব লাগিব তথা যিসকলে এই পদ্ধতিৰ লগতে পিছত পৰীক্ষা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে, সেইসকলৰ ক্ষেত্ৰত দুয়োটা নম্বৰৰ বেছি নম্বৰটো গ্ৰহণ কৰাৰ সুবিধা থকা উচিত। আজি ঘোষণা কৰা মূল্যাংকন পদ্ধতিৰ জৰিয়তে লাভ কৰা নম্বৰ কেৱল নামভৰ্তিৰ বাবে প্ৰযোজ্য হ’লে এই সমস্ত কাৰ্য এক টোগলকী কাণ্ডলৈ ৰূপান্তৰিত হ’ব।”
আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে চৰকাৰক দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ অনুৰোধ জনালে। সংবাদ মেলত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে দাঙি ধৰা মন্তব্যক চৰম দ্বায়িত্বহীণতা আখ্যা দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজ্যৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এই নম্বৰৰ তালিকা প্ৰযোজ্য নোহোৱাকলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই অসম চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যৰ চৰকাৰৰ এনে সিদ্ধান্তক হঠকাৰী আখ্যা দি অচিৰেই এই সিদ্ধান্ত বাতিল কৰি অন্য সঠিক বিকল্প গ্ৰহণ কৰিবলৈ দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদকে আদি কৰি আন আন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনেও।
স্মৰ্তব্য, ৰাজ্যৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ এনে মূল্যায়ন পদ্ধতিৰ প্ৰকাশৰ পিছতে চিন্তিত হৈ পৰিছে পৰিক্ষাৰ্থী সকল। অৱশ্যে ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিক্ৰিয়াৰ পাছত চৰকাৰে এনে বিতৰ্কিত মূল্যায়ন পদ্ধতি বাতিল কৰিব নে নাই সেয়া লক্ষণীয় হ’ব।