• About
  • Advertisement
  • Contact
Thursday, May 19, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ’লীয়াম মন্ত্ৰণালয়

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ'লীয়াম মন্ত্ৰালয়।

Spotlight Northeast by Spotlight Northeast
June 30, 2021
in Assam, National, Politics
Reading Time: 1 min read
A A
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ’লীয়াম মন্ত্ৰণালয়
Share on FacebookShare on TwitterShare on Whatsapp

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাব পাৰে পেট্ৰ’লীয়াম মন্ত্ৰণালয়।প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰীত্ব কৰ্তনৰ পিছত সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যত কি? তাক লৈ চলি আছিল বহুল চৰ্চা।সোণোৱালৰ ৰাজনৈতিক স‌ংস্থাপন সম্পৰ্কে ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ বিষয়টো যতি পৰাৰ ইংগিত প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই।

ADVERTISEMENT

ইয়াৰ বাবে দিল্লীলৈ গৈ সোণোৱালে সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী মোডীক। সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্ব । আৰ এছ এছ প্ৰধান মোহন ভাগৱতকো সাক্ষাৎ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অৱশ্যে শাৰিৰিক অসুস্থতাৰ হেতু নীতিন গাডকাৰীক লগ পোৱা নাছিল মোডী কেবিনেটৰ এশ শতাংশ প্ৰত্যাশী সৰ্বানন্দ সোণোৱালে।

এফালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ হাতৰ পৰা আতৰিব পাৰে পেট্ৰ’লীয়াম মন্ত্ৰণালয় I কিয়নো ৰাজ্যত অসমৰ তৈলক্ষেত্ৰ সমূহৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়া চলি আছে।ৰাজ্যৰ দল সংগঠনে প্ৰকাশ কৰিছে ব্যক্তিগতকৰণৰ বিৰুদ্ধে নিজৰ বিৰোধিতা। আৰু সেই জুইত পানী ছটিয়াই দিয়াৰ উদ্দেশ্যে সোণোৱালক পেট্ৰ’লীয়াম  মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণেৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এয়া হ’ব পাৰে এক কৌশলপূৰ্ণ সিদ্ধান্ত।

খবৰ আহিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক দিব পাৰে পেট্ৰ’লীয়াম  মন্ত্ৰণালয়ৰ উপৰি দিব পাৰে গুৰু উদ্যোগ মন্ত্ৰণালয়ৰ দায়িত্ব।গতিকে মোডীৰ কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে পুনৰ সোণোৱালে দিল্লীলৈ গৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰীত্ব কৰ্তনৰ পিছত সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যত কি? তাক লৈ চলি আছিল বহুল চৰ্চা।সোণোৱালৰ ৰাজনৈতিক স‌ংস্থাপন সম্পৰ্কে ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ বিষয়টো যতি পৰাৰ ইংগিত প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই।

ইয়াৰ বাবে দিল্লীলৈ গৈ সোণোৱালে সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী মোডীক। সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্ব । আৰ এছ এছ প্ৰধান মোহন ভাগৱতকো সাক্ষাৎ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অৱশ্যে শাৰিৰিক অসুস্থতাৰ হেতু নীতিন গাডকাৰীক লগ পোৱা নাছিল মোডী কেবিনেটৰ এশ শতাংশ প্ৰত্যাশী সৰ্বানন্দ সোণোৱালে।

এফালে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ হাতৰ পৰা আতৰিব পাৰে পেট্ৰ’লীয়াম মন্ত্ৰণালয়।কিয়নো ৰাজ্যত অসমৰ তৈলক্ষেত্ৰ সমূহৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়া চলি আছে।

ৰাজ্যৰ দল সংগঠনে প্ৰকাশ কৰিছে ব্যক্তিগতকৰণৰ বিৰুদ্ধে নিজৰ বিৰোধিতা। আৰু সেই জুইত পানী ছটিয়াই দিয়াৰ উদ্দেশ্যে সোণোৱালক পেট্ৰ’লীয়াম মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণেৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এয়া হ’ব পাৰে এক কৌশলপূৰ্ণ সিদ্ধান্ত।খবৰ আহিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক দিব পাৰে পেট্ৰ’লীয়াম  মন্ত্ৰণালয়ৰ উপৰি দিব পাৰে গুৰু উদ্যোগ  মন্ত্ৰণালয়ৰ দায়িত্ব।

গতিকে মোডীৰ কেন্দ্ৰীয় মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে পুনৰ সোণোৱালে দিল্লীলৈ গৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Tags: Narendra ModiSarbananda Sonowal
ShareTweetSend
Previous Post

ভাৰতত অধিকাংশই নিবিচাৰে ভিন্ন ধৰ্মীয় বিবাহ: পিউ’ৰ সমীক্ষা

Next Post

বুধবাৰৰ কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Next Post
বুধবাৰৰ কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বুধবাৰৰ কেবিনেট বৈঠকত  কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ভাৰতত নিৰ্মিত কোভিশ্বীল্ড ভেকচিন লোৱা লোকে যাব নোৱাৰিব ইউৰোপলৈ।

ভাৰতত নিৰ্মিত কোভিশ্বীল্ড ভেকচিন লোৱা লোকে যাব নোৱাৰিব ইউৰোপলৈ।

চিনেমাট’গ্ৰাফ আইন সংশোধনীৰ বিৰোধিতা চলচ্চিত্ৰ নিৰ্মাতা,অভিনেতাৰ

চিনেমাট'গ্ৰাফ আইন সংশোধনীৰ বিৰোধিতা চলচ্চিত্ৰ নিৰ্মাতা,অভিনেতাৰ

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.