• About
  • Advertisement
  • Contact
Saturday, May 21, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

বাঘবৰ-জনীয়াৰ বিদ্যালয়ে ১০০ নম্বৰ পৰ্যন্ত দিব পাৰে- মুখ্যমন্ত্ৰী

Spotlight Northeast by Spotlight Northeast
July 3, 2021
in Assam, Education
Reading Time: 1 min read
A A
বাঘবৰ-জনীয়াৰ বিদ্যালয়ে ১০০ নম্বৰ পৰ্যন্ত দিব পাৰে- মুখ্যমন্ত্ৰী
Share on FacebookShare on TwitterShare on Whatsapp

শেহতীয়া ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নতুন মূল্যায়ন পদ্ধতি সম্পৰ্কত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত পৰীক্ষাৰ মূল্যায়ন সন্দৰ্ভত মতামত দাঙি ধৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ADVERTISEMENT

পৰীক্ষাৰ মূল্যায়নত বিদ্যালয় কতৃপক্ষই প্ৰদান কৰিব লগীয়া নম্বৰ সন্দৰ্ভত একাংশ বিশেষ অঞ্চলৰ শিক্ষানুষ্ঠানক লৈ অতি কটূ মন্তব্য আগবঢ়ায় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- “বাঘবৰ-জনীয়াৰ শিক্ষানুষ্ঠান সমূহে পৰীক্ষাৰ মূল্যায়নত ১০০ নম্বৰ কৈ প্ৰদান কৰিব, “। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে আসনত অধিষ্ঠিত এগৰাকীয়ে ব্যক্তিয়ে এনে অঞ্চল কেন্দ্ৰীক বিভাজনমুখী মন্তব্য কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে শনিবাৰে নতুন দিল্লীত এখন স‌ংবাদ মেল সম্বোধন কৰে। মূলতঃ ৰাজ্যত চলি থকা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন কেন্দ্ৰীক বিতৰ্ক সন্দৰ্ভত মন্তব্য আগবঢ়াবলৈ গৈ বাঘবৰ-জনীয়াৰ শিক্ষানুষ্ঠান সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে। পাকে প্ৰকাৰে বাঘবৰ-জনীয়াৰ অঞ্চলৰ কথা কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি অপমান সূচক মন্তব্য কৰা বুলি বহুতেই প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখ্য যে নতুন মূল্যায়ন পদ্ধতিৰ দ্বাৰা লাভ কৰা নম্বৰ তালিকা টেটৰ পৰীক্ষাত বিবেচিত নহ’ব। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ বিবেচিত হোৱা টেট বা আন অন্যান্য ৰাজ্য চৰকাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচাৰিলে পৰিক্ষাৰ্থী গৰাকীয়ে পৃথককৈ পুনৰ অসম উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা স‌ংসদে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। উক্ত সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে সামগ্ৰিক ভাৱে সকলো ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰি বা টেট পৰীক্ষা প্ৰত্যাশী ছাত্র-ছাত্ৰী বা নিৱনুৱা ব্যক্তিৰ স্বাৰ্থত এনে মূল্যায়ন পদ্ধতি গ্ৰহণ কৰা বুলি কয়।

এইক্ষেত্ৰত অচিৰেই সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত বহিব বুলিও মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Tags: AASUAssam GovernmentHimanta Biswa SarmaRonuj Pegu
ShareTweetSend
Previous Post

CBSC to launch ‘Innovation Ambassador Program

Next Post

পুৰুষে নিতৌ দুটাকৈ ইলাচী খাওঁক। ফলাফল ….

Next Post
পুৰুষে নিতৌ দুটাকৈ ইলাচী খাওঁক। ফলাফল ….

পুৰুষে নিতৌ দুটাকৈ ইলাচী খাওঁক। ফলাফল ....

অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতৰ প্ৰথম গৰাকী মহিলা সাঁতোৰবিদৰ

অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতৰ প্ৰথম গৰাকী মহিলা সাঁতোৰবিদৰ

Assam : ULFA-I Declares Unilateral Ceasefire For 90 days

অইল ইণ্ডিয়াৰ মকৰলৰ জাননী পক্ষপাতমূলকঃ আলফা (স্বা)

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.