এ এছ ডি এম এ(ASDMA) য়ে ক্ৰয় কৰিব পাঁচ খনকৈ দ্ৰোণ। বান-খহনীয়া,ভূমিস্খলন,দুৰ্যোগ ব্যৱস্থাপনা নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এই পাইলট প্ৰজেক্ট। বানাক্ৰান্ত ৰাইজক উদ্ধাৰৰ ক্ষেত্ৰত সহায়ক হ’ব এই ব্যৱস্থা।
উল্লেখ্য যে, এ এছ ডি এম এয়ে জুন মাহতেই ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা(R&DM) বিভাগলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
অৱশেষত ৰাজ্যৰ চৰকাৰৰ বিত্ত বিভাগে চূড়ান্ত কৰে এই প্ৰস্তাৱ।
ৰাজ্যৰ বান,গৰাখহনীয়া,ভূমিস্খলনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব পাৰিব এই ড্ৰোণে। মহানগৰীৰ ভূমিস্খলনৰ নিৰীক্ষণৰ ক্ষেত্ৰতো এই ড্ৰোণ সমূহ ব্যৱহাৰ কৰিব এ এছ ডি এম য়ে I
উল্লেখ্য যে ক্ৰয় কৰিব লগা পাঁচ খন ড্ৰোণৰ দুখনৰে থাকিব ড্ৰ’পিঙৰ সুবিধা। যাৰ জৰিয়তে এই দুয়োখন ড্ৰোণে বানাক্ৰান্ত ৰাইজলৈ খাদ্য বস্তু পৰিবহণৰ ক্ষেত্ৰত সহায় কৰিব।
শ্বিলঙত থকা ভাৰত চৰকাৰৰ অধীনস্থ নৰ্থ ইষ্টাৰ্ণ ষ্টেট এপলিকেচন চেণ্টাৰৰ(NESAC) পৰা অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ক্ৰয় কৰিব এই সমূহ ড্ৰোণ । ৰাজ্যৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এই কাৰ্যসূচী পাইলট প্ৰজেক্ট হিচাপে বিবেচিত হৈছে।
এই পৰিকল্পনা ফলপ্ৰসু হ’লে এ এছ ডি এম(ASDMA) য়ে পুনৰ ক্ৰয় কৰিব অধিক দ্ৰোণ।