এগৰাকী ৩১ বছৰীয়া মহিলা। মহিলা মানে আজিৰ তাৰিখত কেৰেলা আৰক্ষীৰ এগৰাকী উপপৰিদৰ্শক তেওঁ। নাম এনী শিৱ l
কিছুদিন আগলৈ এনী আছিল এগৰাকী তেনেই সাধাৰণ মহিলা। ১৮ বছৰ বয়সত ঘৰৰ অমতত এনী বিয়াত বহিছিল এজন যুৱকৰ সৈতে। এনীয়ে জন্ম দিছিল এটি ল’ৰা সন্তান। কিন্তু পানী কেচুৱা সহ এনীক পথতে এৰি গৈছিল স্বামীয়ে। ঘৰৰ অমতত বিয়াত বহা বাবে এনীক আদৰি লোৱা নাছিল পিতৃৰ পৰিয়ালে। উপায়হীন হৈ পৰিছিল এনী। দিশহাৰা সেই কমবয়সীয়া ছোৱালীজনীয়ে কোলাত পানী কেচুৱা লৈ ক’লৈ যাব কি কৰিব একো উৱাদিহ পোৱা নাছিল। কিন্তু এনী হাৰি যোৱা নাছিল। আইতাকৰ ঘৰত এখন সাধাৰণ চালিৰ তলত বাস কৰিবলৈ লৈছিল এনী। পদপথত মচলা, আইচক্ৰীম, নেমু চৰ্বত আদি বিক্ৰী কৰি সন্তান পোহপালৰ দায়িত্ব লৈছিল তেওঁ। পাছলৈ ইঞ্চুৰেন্সৰ এজেন্ট হিচাপে কাম কৰি, ঘৰে ঘৰে বস্তু বিক্ৰী কৰিয়ে এনীয়ে সমানে সমানে চলাই গৈছিল সমাজতত্ব বিষয়ত স্নাতক শিক্ষাও। কিন্তু এনী অসহায় হৈ পৰিছিল। সকলো যেন অসফল হৈ পৰিছিল। তেনেতে এনীক এগৰাকী ভদ্ৰলোকে দিছিল আৰক্ষীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ উপদেশ। দিছিল সহায়ৰ প্ৰতিশ্ৰুতিও।
সময়ত আৰক্ষীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই এনী নিযুক্তি পাইছিল উপ পৰিদৰ্শক হিচাপে। শেহতীয়াভাৱে বাৰকালা আৰক্ষী চকীত নিযুক্ত কৰা হয় এনীক। ইয়াৰ পাছতে পোহৰলৈ আহে এনীৰ অসাধাৰণ জীৱন সংগ্ৰামৰ কাহিনী। কিয়নো এসময় বাৰকালাতে পথত আইচক্ৰীম বিক্ৰী কৰিছিল তেওঁ, বাৰকালাৰ পথবোৰ তেওঁৰ জীৱন সংগ্ৰাম আৰু চকুপানীৰ সাক্ষী।
পৰিয়ালৰ পৰা বিতাৰিত হৈ, স্বামীৰ পৰা প্ৰতাৰিত হৈ অসহায় মহিলা এগৰাকীয়ে চলাই গৈছিল অসাধাৰণ সংগ্ৰাম। নিজৰ শিক্ষা, সংস্থাপনৰ সংগ্ৰামৰ লগতে অকলেই তুলি তালি মানুহ কৰাৰ স্বপ্ন দেখিছিল কণমানি পুত্ৰক। এনী শিৱা আজি এগৰাকী ভাৰতৰ সফল নাৰী, এগৰাকী সফল মাতৃ। এনীৰ এই সাফল্যৰ প্ৰেৰণাদায়ক কাহিনীয়ে এতিয়া আপ্লুত কৰিছে দেশবাসীক।