“এই পোন্ধৰটা বছৰত আমি একেলগে জীৱনৰ বহু অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভগাই ল’লো, আৰু আমাৰ সম্পৰ্কটো বিশ্বাস, সন্মান আৰু ভালপোৱাক লৈ আগবাঢ়িছিল।” এটা যুটীয়া বিবৃতিত এই কথা উল্লেখ কৰে বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খান আৰু চলিচিত্ৰ নিৰ্মাতা কিৰণ ৰাওৱে।
পোন্ধৰ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলায় আজি বিবাহ বিচ্ছেদৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে দম্পতীহালে। এটা বিবৃত্তিত বিবাহৰ সম্পৰ্ক ছেদ কৰা কথা উল্লেখ কৰি আমিৰ খান আৰু কিৰণ ৰাওৱে লিখে যে স্বামী-স্ত্ৰীৰ সম্পৰ্কত নাথাকিলেও তেওঁলোকে ইজনে সিজনৰ পৰিয়াল হিচাপে থাকিব আৰু তেওঁলোকৰ একমাত্ৰ সন্তান আজাদৰ চোৱাচিতা দুয়োজনেই কৰিব। লগতে ছবিজগতত একেলগে কাম কৰি যোৱা, পানী ফাউণ্ডেশ্যনৰ হৈ একেলগে কাম কৰি যোৱাৰ কথাও সদৰি কৰে তেওঁলোকে।
আমিৰ খান আৰু কিৰণ ৰাওৰ বিবাহ বিচ্ছেদৰ খবৰে স্বাভাৱিকতে চিন্তিত কৰি তোলিছে দুয়োৰে অনুৰাগীসকলক। উল্লেখ্য যে ‘লগন’ ছবিত একেলগে কাম কৰাৰ সময়তে চিনাকী হৈছিল দুয়োৰে। ছবিখনত আমিৰ খানে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে কিৰণ ৰাও আছিল সহ পৰিচালকৰ দায়িত্বত। প্ৰেমৰ সম্পৰ্কক স্থায়ী ৰূপ দি ২০০৫ চনৰ ২৮ ডিচেম্বৰত বিবাহৰ সম্পৰ্কৰে বান্ধ খাইছিল দুয়ো। ২০১১ চনত জন্ম হৈছিল তেওঁলোকৰ পুত্ৰ আজাদৰ। ইতিপূৰ্ৱে ২০০২ চনত প্ৰথমা পত্নী ৰীণা দত্তৰে বিবাহ বিচ্ছেদ হৈছিল আমিৰ খানৰ। ৰীণা দত্তৰ সৈতেও আছে আমিৰৰ দুই সন্তান জুনাইদ খান আৰু ইৰা খান।
আমিৰ খান আৰু কিৰণ ৰাওৰ বিবাহ বিচ্ছেদৰ খবৰে এতিয়া অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।