এইবাৰ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতাই মুকলি পত্ৰ প্ৰেৰণ কৰিলে দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈ। বিষয়: চিনেমাট’গ্ৰাফ আইন সংশোধনীৰ বিৰোধিতা।
পত্ৰ লিখা অভিনেতা-অভিনেত্ৰী তথা চলচিত্ৰ নিৰ্মাতা সকলৰ ভিতৰত আছে-অনুৰাগ কাশ্যপ,ফাৰহান আখতাৰ,হনসাল মেহতা,ভি মাৰণ, শ্বাৱানা আজমী,বিক্ৰমাদিত্য ম’ট’ৱানে,অভিষেক চৌৰ,ৰোহিণী হাট্ৰাংগাড়ী,শিৱ চাদ্দা আদি।
চৰকাৰে ১৯৫২ চনৰ চিনেমাট’গ্ৰাফ আইনৰ সংশোধনৰ বাবে গ্ৰহণ কৰিছে প্ৰস্তাৱ। প্ৰস্তাৱিত খচৰা অনুসৰি চেণ্ট্ৰেল ব’ৰ্ড অব্ ফিল্ম চাৰ্টিফিকেচনৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰাৰ পিচতো সেই চলচ্চিত্ৰ পুনৰ কেন্দ্ৰই পুনৰীক্ষণ কৰিব।
এনে প্ৰেক্ষাপটত চেন্সৰ ব’ৰ্ডৰ স্বতন্ত্ৰতা বৰ্তি নথকাৰ সন্দেহ প্ৰকাশ কৰিছে এই সকল অভিনেতা-অভিনেত্ৰীয়ে।
মতামত প্ৰকাশৰ বাবে ২ জুলাই লৈ শেষ সীমা বান্ধি দিছিল কেন্দ্ৰই। চলিত মাহৰ আৰম্ভণিতে জনতাৰ মুকলি মতামতৰ বাবে চিনেমাট’গ্ৰাফৰ (সংশোধনী) বিধেয়ক ২০২১ খচৰা মুকলি কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে।