অখিল গগৈৰ মুক্তিৰ খবৰ লাভৰ পিছতেই পত্নী গীতাশ্ৰী তামুলীৰ প্ৰতিক্ৰিয়া । অখিল গগৈৰ মুক্তিৰ পথ প্ৰশস্ত হোৱাৰ পিছতেই সামাজিক মাধ্যমত পত্নী গিতাশ্ৰী তামুলীৰ মন্তব্য- ” ন্যায়পালিকাৰ স্বতন্ত্ৰতা সাব্যস্ত হ’ল। গণতন্ত্ৰৰ বাবে শুভ বাৰ্তা। অভিনন্দন গণতন্ত্ৰ”
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈৰ কাৰাবন্দীত্বক লৈ সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছিল তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে।
অখিল গগৈৰ ন্যায়ৰ ক্ষেত্ৰত বিভিন্ন সময়ত দেশৰ ন্যয়পালিকাক লৈ বহুজনে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছিল। পূৰ্বতেও অখিল গগৈৰ অধিবক্তাই জামিন লাভৰ বাবে দ্বাৰস্থ হৈছিল ছুপ্ৰিম ক’ৰ্টৰ।
এতিয়া এনেদৰেই অখিল গগৈয়ে নিয়াৰ অন্তিমটো গোচৰত দোষমুক্ত হোৱাৰ পিছতেই দেশৰ ন্যায়পালিকাৰ ওপৰত সন্তোষ ব্যক্ত কৰিছে তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে।