প্ৰকাশ পালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি।
ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে প্ৰকাশ কৰিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি।
অহা ৩১ জুলাইৰ ভিতৰত ঘোষণা হ’ব ফলাফল।
সেই অনুসৰি মেট্ৰিক পৰিক্ষাৰ্থীৰ ক্ষেত্ৰত দশম শ্ৰেণীৰ শ্ৰেণী পৰীক্ষা সমূহৰ পৰা ৪০ শতাংশ নম্বৰ পৰীক্ষাৰ ফলাফলত যোগ হ’ব। নৱম শ্ৰেণীৰ ৪০ শতাংশ নম্বৰৰ লগতে অন্য ২০ শতাংশ নম্বৰ সংশ্লিষ্ট শিক্ষানুষ্ঠানে প্ৰদান কৰিব।
যদিহে দশম শ্ৰেণী পৰীক্ষাৰ নম্বৰ নাথাকে তেনেক্ষেত্ৰত ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰা অনা হ’ব।
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্ৰেষ্ঠ নম্বৰ লাভ কৰা তিনিটা বিষয়ৰ পৰা ৫০ শতাংশ নম্বৰ যোগ হ’ব।কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকা পৰিক্ষাৰ্থীৰ বাবে
উচ্চতৰ মাধ্যমিকৰ ২টা বছৰৰ শৈক্ষিক ক্রিয়া কাৰ্যৰ পৰা লোৱা হ’ব ১০ শতাংশ নম্বৰ। ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ’ব ৩০ শতাংশ নম্বৰ।
ব্যৱহাৰিক বিষয় নথকা পৰীক্ষাৰ্থী সকলৰ বাবে উচ্চতৰ মাধ্যমিকৰ দুটা বছৰৰ শৈক্ষিক কাৰ্য কলাপৰ পৰা লোৱা হ’ব ৪০ শতাংশ নম্বৰ।
এই সকল শিক্ষাৰ্থীয়ে ভৱিষ্যতে টেটৰ পৰীক্ষাত বহিবলৈ দিব লাগিব পুনৰ এক বিশেষ পৰীক্ষা।
অন্যান্য অসম চৰকাৰৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম।
যি সমূহ চাকৰিৰ নিযুক্তি পৰীক্ষাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ নম্বৰ প্রয়োজন হয়,তেনেবোৰ পৰীক্ষাত এই সকল শিক্ষাৰ্থী বহিব লাগিব এক বিশেষ পৰীক্ষাত।
উল্লেখ্য যে,এইবাৰৰ নাথাকিব শীৰ্ষ ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্ট্রিংচন নাথাকিব।
যি সকল শিক্ষাৰ্থীয়ে এই মূল্যায়ন পদ্ধতিত সন্তুষ্ট নহয়,সেই সকল ছাত্র-ছাত্ৰীয়ে
১৫ ছেপ্তেম্বৰৰ ভিতৰত হ’ব লগা এক বিশেষ পৰীক্ষাত বহিব পাৰিব।
উল্লেখযোগ্য যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মূল্যায়ন পদ্ধতি নিৰূপণৰ বাবে চৰকাৰে দুখনকৈ পৃথক সমিতি গঠন কৰি দিছিল। কেইদিনমান পূৰ্বে সমিতি দুখনে ৰাজ্য চৰকাৰৰ হাতত নিজৰ প্ৰতিবেদন দাখিল কৰে। সকলো খিনি পুনৰীক্ষণৰ পিচত চূড়ান্ত হয় পৰীক্ষাৰ ফলাফলৰ বিধি।