• About
  • Advertisement
  • Contact
Tuesday, May 17, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

ৰাজ্যৰ ৮ জিলাৰ ২৫ খন চাহ বাগিছাত ক’ভিডৰ দ্ৰুত সংক্ৰমণ: এতিয়ালৈ ৪৪৪ শ্রমিক পজিটিভ

Spotlight Northeast by Spotlight Northeast
May 10, 2021
in Assam
Reading Time: 1 min read
A A
ৰাজ্যৰ ৮ জিলাৰ ২৫ খন চাহ বাগিছাত ক’ভিডৰ দ্ৰুত সংক্ৰমণ: এতিয়ালৈ ৪৪৪ শ্রমিক পজিটিভ
Share on FacebookShare on TwitterShare on Whatsapp

Spotlight Northeast

ADVERTISEMENT

10 May,2021* 15:35 IST* 3 MIN READ

 

ক’ভিডৰ ত্ৰাসে চহৰাঞ্চলৰ লগতে উজনি অসমৰ আঠখন জিলাৰ ২৫খন চাহ বাগিচাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এক তথ্য অনুসৰি বর্তমানলৈ এই চাহ বাগিচাকেইখনৰ ৪৪৪ জন শ্রমিক ক’ভিডত আক্রান্ত হৈছে৷ ডিব্রুগড জিলাৰ টেঙাখাত ৰাজহ চক্রৰ অন্তর্গত জালনী চাহ বাগিচা আৰু দুলীয়াজান চিচিয়া বকুলনিৰ সমীপৰ মায়াজান চাহ বাগিচাত সংক্রমণ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰাটো যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে৷

জালনী চাহ বাগিচাত এতিয়ালৈ প্রায় দুশ লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে মায়াজান চাহ বাগিচাত মাৰাত্মাক ভাইৰাছ সংক্রমিত হৈছে শতাধিক লোকৰ দেহলৈ ৷ প্রতিদিনাই আক্রান্তৰ পৰিসংখ্যা বৃদ্ধি পাই থকাত জিলা প্রশাসনে দুয়োখন বাগিচাক কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ প্রশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বাগিচা দুখনত ছেনিটাইজ কৰাৰ লগতে তৎকালে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে৷ আনহাতে, জিলাখনৰ বাগিচাসমূহত প্রশাসনে ক’ভিড–১৯ প্রট’কল যাতে ভংগ নহয়, আৰু নিৰক্ষৰ লোকসকলেও যাতে সঠিক মতে নিজৰ স্বাস্থ্যৰ যতন লয় তাৰ ওপৰত চোকা নজৰ ৰাখিছে৷

অধিক হাৰত গণ সংক্রমণ হোৱা জালনী আৰু মায়াজান চাহ বাগিচাৰ পৰিস্থিতি সর্ন্দভত টেঙাখাত প্রাথমিক স্বাস্থ্যকেন্দ্রত জিলা প্রশাসন আৰু টেঙাখাত স্বাস্থ্য কেন্দ্রৰ চিকিৎসা বিষয়া, স্বাস্থ্যকর্মীয়ে এক পর্যালোচনাত মিলিত হয়৷ আনহাতে, চাহ বাগিচাত ক’ভিডৰ গণ সংক্রমণক লৈ অসম চাহ জনজাতি ছাত্র সন্থা (আটছা)ই গভীৰ উদ্বেগ প্রকাশ কৰিছে৷ আটছাৰ সভাপতি ধীৰাজ গোৱালা আৰু ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণাই এক বিজ্ঞপ্তিত চাহ বাগিচাত ক’ভিডৰ গণ সংক্রমণ হোৱাৰ পাছতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷

আনহাতে, বাগিচাৰ মালিকসকলে উৎপাদন ব্যাহত হ’ব বুলিয়েই ক’ভিডৰ গণ সংক্রমণৰ তথ্য গাপ দি ৰখাৰ চেষ্টা কৰিছে আৰু নিয়ন্ত্রণৰ বাহিৰ হ’লেহে জিলা প্রশাসনক অৱগত কৰে৷ বহু চাহ বাগিচাৰ পৰিচালক, পৰিচালকৰ সন্তান বহিঃৰাজ্যত অধ্যয়নৰত বা কর্মৰত৷ সেইসকল বিমানৰে ঘূৰি আহিছে যদিও ক’ভিড হ’লে হোম কোৱাৰেণ্টাইনত থাকিলেও গোপনে ৰখাৰ অভিযোগ কৰে আটছাই৷ তেওঁলোকে আৰু কয় যে প্রতিদিনে বহিঃৰাজ্যত কর্মৰত চাহ জনগোষ্ঠীৰ যুৱকসকল বাগিচালৈ ঘূৰি আহিছে যদিও প্রশাসনে বা বাগিচা কর্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ ফলত ডিব্রুগড জিলাৰ জালনী চাহ বাগিচাত দুই শতাধিক, মাইজান চাহ বাগিচাত ৬০জন, দিৰিয়াল চাহ বাগিচাত ৭জন, খাৰজান চাহ বাগিচাত ১২জন, গোলাঘাট জিলাৰ বৰচাপৰি চাহ বাগিচাত ৫০জনতকৈ অধিক, লখৌজান চাহ বাগিচাত ৪জন, বিশ্বনাথ জিলাৰ নীলপুৰ চাহ বাগিচাত ৪০জন, প্রতাপগড চাহ বাগিচাত ৪জন, ব্রহ্মজান চাহ বাগিচাত ২জন, বুৰৈ চাহ বাগিচাত এজন, ধূলি চাহ বাগিচাত ৪জন, পুৰুকবাৰী চাহ বাগিচাত এজন, নয়াঘগৰা চাহ বাগিচাত এজন, শিৱসাগৰ জিলাৰ টিফুক চাহ বাগিচাত এজন, শোণিতপুৰ জিলাৰ ডিব্রুদৰং চাহ বাগিচাত এজন, ৰূপাজুলি চাহ বাগিচাত ৪জন, শিংৰিজান চাহ বাগিচাত এজন, হাতীবাৰী চাহ বাগিচাত এজন, তিনিচুকীয়া জিলাৰ বাদলভেটা চাহ বাগিচাত এজন, নগাঁও জিলাৰ চালনা চাহ বাগিচাত ৩জন, কেলেডিন চাহ বাগিচা, আমচৈ চাহ বাগিচা, পুৰণা চাহ বাগিচাত এজনকৈ আৰু শগুনবাৰী চাহ বাগিচাত ২জন সংক্রমিত হৈছে৷ সেয়ে এনে ভয়ানক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্রে চাহ বাগিচাৰ বাবে পৃথককৈ এছ অ’ পি গঠন কৰিবলৈ আটছাই দাবী জনায়৷

নৱগঠিত মন্ত্ৰীসভাই শপত লোৱাৰ পাছতে ইতিমধ্যে নতুন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ক’ভিড ত্ৰাস শীঘ্ৰেই নিৰ্মূলকৰণৰ কথা। গতিকে নিৰ্বাচনৰ আগেয়ে অধিক গুৰুত্ব আৰোপ কৰা চাহ বাগিছাৰসমূহৰ এই সংকটকালত পৰৱৰ্তী সময়ত চৰকাৰখনে কি ব্যবস্থা লয় সেয়া হ’ব লক্ষণীয়।

Tags: AssamCOVID-19Tea Garden
ShareTweetSend
Previous Post

Third wave of COVID-19 to hit India by October, IIT Kanpur study predicts

Next Post

ভাল খবৰ: দেশত কমিছে ক’ভিড আক্ৰান্তৰ পৰিসংখ্যা, হ্ৰাস পাইছে মৃত্যুৰো হাৰ

Next Post
ভাল খবৰ: দেশত কমিছে ক’ভিড আক্ৰান্তৰ পৰিসংখ্যা, হ্ৰাস পাইছে মৃত্যুৰো হাৰ

ভাল খবৰ: দেশত কমিছে ক'ভিড আক্ৰান্তৰ পৰিসংখ্যা, হ্ৰাস পাইছে মৃত্যুৰো হাৰ

Samir K Sinha appointed Principal Secretary to Assam CM

Samir K Sinha appointed Principal Secretary to Assam CM

গ্ৰেণেড বিস্ফোৰণ : তিনিচুকীয়াত নিহত এজন

গ্ৰেণেড বিস্ফোৰণ : তিনিচুকীয়াত নিহত এজন

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.