Spotlight Northeast
14 May,2021* 13:03 IST* 2 MIN READ
দেশৰ বাৰটা প্ৰধান বিৰোধী ৰাজনৈতিক দলে জনসাধাৰণৰ মাজত বিনামূলীয়া প্ৰতিষেধক আৰু সংসদ ভৱন নিৰ্মাণ বাতিলৰ দাবী তুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখিলে পত্ৰ।
বিৰোধী দল কেইটাই তেওঁলোকৰ উপদেশক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি লিখা পত্ৰ খনত কেইবাটাও দাবীসম্বলিত বিষয় উল্লেখ :
◆ বিশ্ব বা দেশৰ সকলো সম্ভাব্য উৎসৰ পৰা ভেকচিন প্ৰাপ্তিৰ নিশ্চিতকৰণ
◆সমগ্ৰ দেশত অতি সোনকালে বিনামূলীয়া ভেকচিন প্ৰদান অভিযানৰ দাবী
◆ঘৰুৱা ভাৱে প্ৰস্তুত ভেকচিনৰ উৎপাদন বৃদ্ধিৰ বাবে দেশৰ প্ৰতিষ্ঠানসমূহক অনুজ্ঞাপত্ৰ প্ৰদানৰ দাবী
◆ ভেকচিনৰ প্ৰস্তুতৰ বাবে বাজেটৰ ৩৫,০০০ কোটি আৱণ্টনৰ দাবী
◆সংসদ ভবন নিৰ্মাণৰ অভিলাসী প্ৰকল্প “চেণ্ট্ৰেল ভিছটা” বাতিলেৰে উক্ত ধন ভেকচিন,অক্সিজেন আৰু চিকিৎসাজনিত সামগ্ৰী ক্ৰয়ত ব্যৱহাৰৰ দাবী
◆প্ৰতি মাহে ৬০০০ টকাকৈ দেশৰ সংস্থাপনহীন তথা নিৱনুৱা সকলক প্ৰদানৰ দাবী
◆ দেশৰ দৰিদ্ৰ জনসাধাৰণক বিনামূলীয়া শস্যৰ বীজ প্ৰদানৰ দাবী
◆ কৃষক সকলক ক’ভিডৰ দ্বাৰা নিপীড়িত হোৱাৰ পৰা ৰক্ষা পাবলৈ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবী।
কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জি ডি এছৰ নেতা এইছ ডি দেৱগৌড়া,এন চি পিৰ নেতা শাৰদ পাৱাৰ,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা ঊদ্ধৱ থাকৰে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ,তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন,ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সুৰেণৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলা আৰু অখিলেখ যাদৱৰ উপৰি আৰ জে ডিৰ নেতা তেজস্বী য়াদৱ, চি পি আই ৰ নেতা ডি ৰাজা আৰু চি পি আই এম নেতা চিতাৰাম য়েচুৰীৰ চহী সম্বলিত পত্ৰ খন যোৱা বৃহস্পতি বাৰে প্ৰেৰণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ।