• About
  • Advertisement
  • Contact
Tuesday, June 28, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

পুনৰ ভয়ংকৰ কিশোৰী ধৰ্ষণ-হত্যাৰ ঘটনাই জোকাৰি গ’ল অসম

Spotlight Northeast by Spotlight Northeast
May 6, 2021
in Assam
Reading Time: 1 min read
A A
পুনৰ ভয়ংকৰ কিশোৰী ধৰ্ষণ-হত্যাৰ ঘটনাই জোকাৰি গ’ল অসম
Share on FacebookShare on TwitterShare on Whatsapp

Spotlight Northeast

ADVERTISEMENT

6 May,2021* 17:56 IST* 2 MIN READ

 

ৰাজ্যত চুমিলা ৰংহাংপিৰ ঘটনাৰ এটা পষেক পাৰ নৌহওঁতেই পুনৰ শিশুৰ ধৰ্ষণ- হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য । উল্লেখ্য যে মঙলবাৰে বিয়লি ৩.৩০ বজাত লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত থেকেৰাগুৰি ৰূপহি গাঁৱত এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ৮ বছৰীয়া কণমানি কিশোৰীৰ নিজ গৃহতে ডিঙিত চিপলৈ মৃত অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাক লৈ লক্ষীমপুৰৰ লগতে সমগ্র ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

শিশু গৰাকীৰ আত্মীয় তথা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঘৰৰ কাষতেই নিৰ্মীয়মান কামত নিয়োজিত কেইগৰাকী মান শ্ৰমিকে ঘৰত কোনো নথকাৰ সুযোগলৈ কণমানি শিশুটিক প্ৰথমতে ধৰ্ষণ তাৰ পিছত হত্যা কৰি ঘৰৰ বাৰান্দাতে ডিঙিত গামোচাৰে চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে আৰক্ষীয়ে স্থানীয় লোকৰ সন্দেহৰ ভিত্তিত ১৭ জন লোকক সোধ-পোচৰ বাবে আটক কৰিছে। পুনৰ কেইদিনমান পূৰ্বৰ ৰহাৰ খাইগড়ত সংঘটিত কাৰ্বি পাহাৰৰ এগৰাকী ১২ বছৰীয়া কিশোৰীৰ বৰ্বৰোচিত ধৰ্ষণ হত্যাকাণ্ডৰ কথাই পুনৰ সকলোকে মনত পেলাই তুলিলে। এগৰাকী ৮ বছৰীয়া কণমানি কিশোৰীয়ে যি অৱস্থাত হাঁহি-স্ফূৰ্তিৰ মাজত লগ-সমনীয়া তথা আত্মীয়ৰ সৈতে জীৱনৰ অমূল্য শৈশৱ পাৰ কৰে তেনে সময়ত কেইগৰাকীমান মানৱ ৰূপী দানৱৰ অসৎ চৰিতাৰ্থৰ বলি হৈ দুৰ্ভাগ্যজনক মৃত্যুক সাৱটিবলগীয়া ঘটনাই সমাজৰ একা‌ংশৰ মানসিক স্খলনৰ চূড়ান্ত ৰূপ বহিঃপ্ৰকাশ ঘটাইছে।

বাৰে বাৰে মানৱীয় প্ৰমূল্যবোধক হত্যা কৰা এনেবোৰ চূড়ান্ত অমানৱীয়, শিহৰণকাৰী তথা ভয়ংকৰ ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ লগতে ৮ বছৰীয়া নিষ্পাপ শিশু তথা শিশুটিৰ পৰিয়ালে ন্যায় পোৱাৰ দাবীৰে অপৰাধীক সকলোৱে উপযুক্ত শাস্তি প্ৰদানৰ দাবী তুলিছে। এইক্ষেত্ৰত লক্ষীমপুৰ আৰক্ষী প্ৰশাসনে প্ৰকৃত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।

ShareTweetSend
Previous Post

Zubeen Garg, Wife Garima Saikia Garg offers their house for COVID Care center

Next Post

Meghalaya : Weekend Lockdown In East Garo Hills From Today

Next Post
Meghalaya : Weekend Lockdown In East Garo Hills From Today

Meghalaya : Weekend Lockdown In East Garo Hills From Today

Assam : Rupsi airport to begin commercial operations from Saturday

Assam : Rupsi airport to begin commercial operations from Saturday

Anushka Sharma, Virat Kohli donate Rs 2 cr, start fundraiser for Covid-19 relief: ‘We will overcome this together’

Anushka Sharma, Virat Kohli donate Rs 2 cr, start fundraiser for Covid-19 relief: ‘We will overcome this together’

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.