• About
  • Advertisement
  • Contact
Tuesday, May 17, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

দপ্তৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই : চাওঁক কোনে লাভ কৰিলে কি বিভাগ ?

Spotlight Northeast by Spotlight Northeast
May 11, 2021
in Assam
Reading Time: 1 min read
A A
দপ্তৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই : চাওঁক কোনে লাভ কৰিলে কি বিভাগ ?
Share on FacebookShare on TwitterShare on Whatsapp

Spotlight Northeast

ADVERTISEMENT

11 May,2021* 13:30 IST* 3 MIN READ

 

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত সোমবাৰে ১৪জনীয়া অসম মন্ত্রীসভাই শপতগ্রহণ কৰে৷ এই মন্ত্রীসভাত মিত্রদল অগপৰ দুজন আৰু ইউ পি পি এলৰ এজন প্রতিনিধি অন্তর্ভুক্ত হৈছে৷ সোমবাৰে শপতগ্রহণ কৰা ড০ শর্মাৰ কেবিনেটত অন্তর্ভুক্ত হৈছে ৫খন নতুন মুখ৷ আজি বিতৰণ কৰা হৈছে মন্ত্ৰী সভাৰ দপ্তৰ সমূহ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৃহ, গড়াকপ্টানী, পাৰ্ছনেল বিভাগকে   ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ নিজৰ লগত ৰাখিছে।

অসম মন্ত্রীসভাত প্রথমবাৰৰ বাবে স্থান লাভ  ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে লাভ কৰা বিভাগ সমূহ হৈছে গ্ৰাম্য আৰু পঞ্চায়ত, খাদ্য আৰু অসামৰিক যোগান বিভাগে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ।

চন্দ্ৰমোহন পাটোৱাৰীয়ে লাভ কৰিছে পৰিবহন আৰু উদ্যোগৰ বিভাগৰ দায়িত্ব। লগতে আছে সংখ্যালঘু উন্নয়ন দপ্তৰ।

পৰিমল শুক্লবৈদ্যক বন, মীন আৰু আবকাৰী বিভাগ অৰ্পণ কৰি যোৱাবাৰৰ কাম কাজৰ ওপৰত বিশ্বাস ৰাখিছে ।

অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তক স্বাস্থ্য , বিজ্ঞান প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি বিভাগ দিয়া হৈছে ।

ৰনোজ পেগুক শিক্ষা বিভাগড় গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে ।

উৰখাও গৌৰা ব্ৰহ্মক হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগতে ভূমি সংৰক্ষণ বিভাগ,  ভৈয়াম আৰু জনজাতি উন্নয়নৰ দপ্তৰ (বিটিচি) দায়িত্ব দিয়া হৈছে ।

মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা প্ৰতিনিধি গোলাঘাট সমষ্টিৰ অজন্তা নেওগক বিত্ত আৰু সমাজ কল্যাণৰ গুৰু দায়িত্ব ন্যস্ত কৰা হৈছে ।

যোৱাবাৰ মন্ত্ৰীসভাত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব পালন কৰা পিযুষ হাজৰিকাক জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা দপ্তৰ প্ৰদান কৰাৰ বিপৰীতে গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ দায়িত্ব ন্যস্ত কৰিছে অশোক সিংঘালক ।

যোগেন মহনক দুৰ্যোগ প্ৰশমন, পাৰ্বত্য উন্নয়ন, খনিজ সম্পদ আৰু ৰাজহ বিভাগ অৰ্পণ কৰা হৈছে ।

সৰ্বানন্দ সোনোৱালৰ অতি ঘনিষ্ঠ বিমল বৰাক ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা , সাংস্কৃতিক, শক্তি আৰু পৰ্যটনৰ নিচিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ দিয়া হোৱাৰ বিপৰীতে সঞ্জয় কিষাণক চাহ বাগিচা উন্নয়ন , শ্ৰম আৰু নিয়োগ দপ্তৰ প্ৰদান কৰা হৈছে ।

ShareTweetSend
Previous Post

Complete Lockdown in Nagaland for one week

Next Post

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱালৈ বিশেষ পদ

Next Post
মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱালৈ বিশেষ পদ

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱালৈ বিশেষ পদ

COVID-19 Crisis : Japan, UNDP to work together to set up Oxygen generation plants in North East India

COVID-19 Crisis : Japan, UNDP to work together to set up Oxygen generation plants in North East India

There is no shortage of ICU and oxygen beds in Delhi: CM Arvind Kejriwal

There is no shortage of ICU and oxygen beds in Delhi: CM Arvind Kejriwal

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.