• About
  • Advertisement
  • Contact
Thursday, May 19, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

চৰকাৰে নিজৰ ইচ্ছামতে নিলাম কৰিব নোৱাৰিব ৰাজ্যৰ দুই কাগজকল

Spotlight Northeast by Spotlight Northeast
May 13, 2021
in Assam
Reading Time: 1 min read
A A
চৰকাৰে নিজৰ ইচ্ছামতে নিলাম কৰিব নোৱাৰিব ৰাজ্যৰ দুই কাগজকল
Share on FacebookShare on TwitterShare on Whatsapp

Spotlight Northeast

ADVERTISEMENT

13 May,2021* 17:50 IST* 2 MIN READ

 

দীর্ঘদিন ধৰি বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল এতিয়া আৰু নিলাম কৰিব নোৱাৰে চৰকাৰে৷ নেচনেল কোম্পানী ল’ ড্রিবিউনেলে (এনচিএলটি) শেহতীয়াকৈ প্রদান কৰা এক ৰায়ৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে৷

কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত নিলামী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়া কুলদ্বীপ বাৰ্মাই চলিত বছৰৰ এপ্ৰিল মাহত পুনৰ নেশ্যনেল কম্পেনী ল ট্ৰিবিউনেলৰ ওচৰত নিলামী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে আবেদন জনাইছিল অৱশেষত ২০১৯ চনৰ পৰা চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নোপোৱাৰ পিছত এই আবেদন নাকচ কৰে এনচিএলটিৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে ২০১৯ চনৰ ২ মে’ত এনচিএলটিয়ে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ সম্পত্তি নিলাম কৰাৰ বাবে ৰায়দান কৰি আনুষ্ঠানিকভাৱে অনুমোদন প্রদান কৰিছিল৷ পিছে সেই চনৰ ২৯ মে’ত কাগজ কল দুটাৰ শ্রমিক সংগঠনবোৰৰ আবেদনৰ ভিত্তিত এনচিএলএটিয়ে এনচিএলটিৰ এই নির্দেশনা খাৰিজ কৰি দি কাগজ কল দুটা কার্যক্ষম কৰি নিলাম কিম্বা বিক্রী কৰাৰ নির্দেশ জাৰি কৰিছিল৷ এইক্ষেত্রত এনচিএলএটিয়ে কেন্দ্রীয় চৰকাৰক বিশেষ পুঁজি আবণ্টন কৰাৰো নির্দেশ প্রদান কৰিছিল৷ কিন্তু ২০১৯ চনৰ ২৯ মে’ত এই নির্দেশ প্রদান কৰাৰ দুবছৰ পাছতো কেন্দ্র কিম্বা ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷

মন কৰিবলগীয়া যে বিগত ১০ ছেপ্টেম্বৰত অসম চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিব বুলি এনচিএলটিত শপতনামা দাখিল কৰি এমাহৰ সময় বিচাৰিছিল৷ পিছে অসম চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰা হেতু এনচিএলটিত লিকিউডিটৰ কুলদ্বীপ বার্মাই দাখিল কৰা আবেদনখনৰ শুনানি বাৰম্বাৰ পিছুৱাই গৈছিল৷ অৱশেযত এনচিএলটিয়ে কাগজ কল দুটা নিলাম কৰাৰ পৰা বিৰত থাকিবলৈ বার্মাক আনুষ্ঠানিক নির্দেশ প্রদান কৰাৰ পাছত কাগজ কল দুটাৰ কর্মচাৰীসকল এতিয়া উৎফুল্লিত হৈ পৰিছে৷ সোণাৱাল চৰকাৰে যিটো কৰিব নোৱাৰিলে এতিয়া ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰখনে সেয়া কৰি দেখাব বুলি কর্মচাৰীসকলে আশা ব্যক্ত কৰিছে৷

Tags: Assam GovernmentCachar Paper MillHimanta Biswa SarmaHindustan Paper Mill
ShareTweetSend
Previous Post

Nagaland : Conservationist Y Nuklu Phom wins prestigious Whitley Award, 2021

Next Post

COVID-19 : Sputnik V could be available in India from next week, says NITI Aayog

Next Post
COVID-19 : Sputnik V could be available in India from next week, says NITI Aayog

COVID-19 : Sputnik V could be available in India from next week, says NITI Aayog

প্ৰধানমন্ত্ৰীলৈ দেশৰ বাৰটা প্ৰধান বিৰোধী ৰাজনৈতিক দলৰ পত্ৰ প্ৰেৰণ

প্ৰধানমন্ত্ৰীলৈ দেশৰ বাৰটা প্ৰধান বিৰোধী ৰাজনৈতিক দলৰ পত্ৰ প্ৰেৰণ

‘Coronavirus is a living organism, has right to live’: Former Uttarakhand CM

'Coronavirus is a living organism, has right to live': Former Uttarakhand CM

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.