Spotlight Northeast
11 May,2021* 10:50 IST* 1 MIN READ
সন্দেহযুক্ত আলফা(স্বা:)ৰ দ্বাৰা হোৱা এক গ্ৰেণেড বিস্ফোৰণত এজন ১২ বছৰীয়া কিশোৰৰ মৃত্যু ।
তিনিচুকীয়া জিলাৰ কাঠকাঠিনি অঞ্চলত সংঘটিত হোৱা এই ঘটনাত নিহত হোৱা কিশোৰ জন সুৰয হাজং বুলি চিনাক্ত কৰা হৈছে ।
সূত্ৰত প্ৰকাশ যে সন্দেহজনক আলফা(স্বাধীন) সদস্যৰ দ্বাৰা জাগুন অঞ্চলৰ কাষৰীয়া ঠাইত এই গ্ৰেণেড পুতি থোৱা হৈছিল ।
তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ নেতৃত্বত এটা দল ততাকৈয়াকৈ উক্ত স্থানলৈ ৰাওণা হৈছে । বিশদ বিৱৰণৰ বাবে অপেক্ষা কৰি থকা হৈছে ।