Spotlight Northeast
13 May,2021* 15:40 IST* 2 MIN READ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই অসমৰ এন আৰ চি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।
নাগৰিকপঞ্জীত থকা একাধিক বিসংগতিৰ কথা দাঙি ধৰি এন আৰ চিৰ সমন্বয়ক হিতেশ দেৱ শর্মা ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ লক্ষণীয়ভাৱে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমত নতুনকৈ বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে এন আৰ চি কর্তৃপক্ষই নাগৰিকপঞ্জী পুনৰীক্ষণৰ হকে পুনৰ উচ্চতম ন্যায়ালয়ত জনোৱা এই আবেদন যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷
জিলাসমূহত এখন নিৰীক্ষণ কমিটিৰ অধীনত এই পুনৰীক্ষণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় নিৰ্দেশ প্ৰদান কৰিবলৈও আবেদনখনত অনুৰোধ জনোৱা হৈছে।
ন্যায়ালয়ত দাখিল কৰা আবেদনখনত এন আৰ চি কর্তৃপক্ষই জনাইছে যে চূড়ান্ত নাগৰিকপঞ্জী হিচাপে ইতিমধ্যে প্রকাশ পোৱা দলিলখনত ভূমিপুত্রৰ অ’ ৱাইৰ নোহোৱা সত্ত্বেও বহুতৰে নাম অ’ ৱাই হিচাপেই অন্তর্ভুক্ত হৈছে৷ ইয়াৰ বিপৰীতে প্রকাশ পোৱা নাগৰিকপঞ্জীত ১৯ লাখ লোকৰ ভিতৰত প্রায় ৫০ হাজাৰ ভূমিপুত্রৰ নাম স্থান লাভ নকৰাৰ কথাও এন আৰ চি কর্তৃপক্ষই তথ্যসহকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰে৷
আনহাতে,বহুতো অযোগ্য ব্যক্তিৰ নাম নাগৰিকপঞ্জীত কিদৰে প্রকাশ পাইছে সেই কথা বিস্তাৰিতভাৱে দাঙি ধৰি সমন্বয়ক দেৱ শর্মাই ন্যায়ালয়ত শপতনামা দাখিল কৰি নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ আবেদন জনায়৷ উল্লেখ্য যে পূর্বৰ সোণোৱাল চৰকাৰৰ সময়তো এন আৰ চি সমন্বয়কজনে নাগৰিকপঞ্জী পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷