মহানুভৱতাৰ নিদৰ্শন এগৰাকী নকৈ মাতৃত্বৰ সোৱাদ লাভ কৰা মাতৃৰ। মুম্বাইস্থিত চিনেমা প্ৰযোজনাৰ পৰিচালক তথা অসম কন্যা ৰণিতা কৃষ্ণ শৰ্মাই দেশৰ ক’ভিড কেন্দ্ৰীক পৰিস্থিতিত মহান মাতৃত্বৰ চানেকি দাঙি ধৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।
দেশৰ লগতে ৰাজ্যত ক’ভিডৰ সংহাৰৰ অভাৱনীয় পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে ক’ভিড-১৯ত আক্ৰান্ত তথা মৃত্যু হোৱা মাতৃৰ কেইবাটাও দুগ্ধপোষ্য শিশুক আটাইতকৈ প্ৰয়োজনীয় অমৃত বিধ প্ৰদান কৰিলে এইগৰাকী মুম্বাইৰ চিনেমা জগতত কৰ্মৰত ৰণিতা কৃষ্ণ শৰ্মাই। উল্লেখ্য যে ইয়াৰ বাবে তেওঁ অতিমাৰী কেন্দ্ৰীক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমযোগে গুৱাহাটী মহানগৰীৰ কোনো নৱজাতক শিশুৰ বাবে মাতৃদুগ্ধৰ প্ৰয়োজনত তেওঁ প্ৰদানৰ বাবে প্ৰস্তুত বুলি উল্লেখ কৰি মুকলিকৈ আহ্বান জনাইছিল।
এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰে হোৱা টুইটাৰ বাৰ্তালাপত তেওঁ নিজৰ শেহতীয়া মাতৃত্ব অৰ্জনৰ বিষয় দাঙি ধৰি কয়- ” যি সময়ত সমগ্ৰ দেশত এজনে আন এজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে, তেনে সময়ত এগৰাকী প্ৰসূতি মাতৃ হিচাপে মইয়ো আনক সহায় কৰিব পাৰো,”। তেওঁ পুনৰ প্ৰসূতি মাতৃ সকলক উদ্দেশ্যি কয়- “এনে ক্ষণত মই দেশৰ প্ৰসূতি মাতৃ সকলক মাতৃদুগ্ধৰ বাবে প্ৰয়োজনীয় শিশুক নিজৰ দুগ্ধ প্ৰদানৰ বাবে আগুৱাই অহাটো বিচাৰো। প্ৰতিটো নৱজাতক শিশুয়ে নিজৰ মাতৃৰ কোলাত পৰিচৰ্যা হৈ থকাটো বিচাৰো। কোনো শিশুয়ে যাতে এই মহামাৰীৰ সময়ত নিজৰ জন্মদাত্ৰী মাকক হেৰুৱাব লগা নহয়। প্ৰতিটো কেঁচুৱাই যাতে মাকৰ গাখীৰ লাভ কৰে।”
প্ৰতি গৰাকী গৰ্ভৱতী তথা জন্মদাত্ৰী মাতৃয়ে নিজৰ গৰ্ভাৱস্থা আৰু মাতৃত্বৰ সোৱাদ উদযাপনৰ প্ৰয়োজনীয়তা উল্লেখ কৰি কয় যে দিল্লীত নৱজাতক শিশুৰ বাবে দুগ্ধ বিচৰাৰ এক বাতৰি তেওঁৰ চকুত ধৰা পৰা পিছতেই এনেধৰণৰ চিন্তা তথা কাম কৰা কথা মনলৈ আহিছিল বুলি সংবাদ মাধ্যমটোৰ সন্মুখত ব্যক্ত কৰে।
উল্লেখযোগ্য যে ৰণিতা কৃষ্ণ শৰ্মাই তিনিমাহৰ অন্তঃসত্ত্বা হৈ থকাৰ সময়তে নিজ স্বামীৰ সৈতে ক’ভিড-১৯ ত আক্ৰান্ত হৈছিল। তাৰ পিছতে গুৱাহাটীলৈ আহি মাতৃত্বৰ সোৱাদ অৰ্জন কৰিছিল।