• About
  • Advertisement
  • Contact
Tuesday, June 28, 2022
Spotlight Northeast
Support
অসমীয়া
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture
No Result
View All Result
Spotlight Northeast
অসমীয়া
Home Assam

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Spotlight Northeast by Spotlight Northeast
May 9, 2021
in Assam
Reading Time: 1 min read
A A
অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on TwitterShare on Whatsapp

Spotlight Northeast

ADVERTISEMENT

9 May,2021* 14:13 IST* 2 MIN READ

 

অৱশেষত আনুষ্ঠানিক ভাৱে ঘোষণা হ’ল অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম। বিধানসভা সচিবালয়ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনত অসমৰ পৰ্যবেক্ষক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,অৰুণ সিঙৰ উপৰি বি এল সন্তোষ আৰু বৈজয়ন্ত জয় পাণ্ডাৰ লগতে বিজেপিৰ নৱনিৰ্বাচিত ৬০ গৰাকীকৈ বিধায়ক আৰু সদ্য পদত্যাগী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম।

আজি বিধায়িনী দলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে সৰ্বানন্দ সোণোৱালে আৰু সেই প্ৰস্তাৱক সমৰ্থন কৰে ৰঞ্জিত দাস আৰু নন্দিতা গাৰ্লোছাই।

২০০১ চনত প্ৰথম বাৰৰ বাবে কংগ্ৰেছ দলৰ হৈ জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী সময়ত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ খনৰ কৃষি,স্বাস্থ্য,বিত্তীয় বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰে।

উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ নেডাৰ দায়িত্বত থাকি বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰোৱা হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হিচাপে ৰাজ্য খনক কোন দিশলৈ লৈ যায় সেয়া লক্ষণীয় হ’ব। সততে উন্নয়নৰ দিশৰ পৰা অসমক দেশৰ প্ৰথম পাঁচ খন উন্নত ৰাজ্যৰ ভিতৰত অধিষ্ঠিত কৰোৱাৰ সপোন দেখোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কিমানদূৰ সফল হ’ব সেয়া সময়ে ক’ব।

শেহতীয়া দেশৰ স্বাস্থ্য খণ্ডৰ জৰুৰীকালীন পৰিস্থিতিৰ পৰা অসমক কেনেদৰে বচাব পাৰি এয়া হ’ব তেওঁ আৰু তেওঁৰ চৰকাৰৰ প্ৰথমটো বৃহৎ প্ৰত্যাহ্বান।

Tags: Assam CMBJPHimanta Biswa SarmaSarbananda Sonowal
ShareTweetSend
Previous Post

দিল্লীত বৈঠক সম্পন্ন : কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা অসমৰ মুখ্যমন্ত্ৰীৰ নাম

Next Post

Himanta Biswa Sarma takes oath as Chief Minister of Assam

Next Post
Himanta Biswa Sarma takes oath as Chief Minister of Assam

Himanta Biswa Sarma takes oath as Chief Minister of Assam

মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন সংবাদমেল – কি কি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান ?

মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন সংবাদমেল - কি কি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান ?

Third wave of COVID-19 to hit India by October, IIT Kanpur study predicts

Third wave of COVID-19 to hit India by October, IIT Kanpur study predicts

Facebook Twitter Youtube Instagram
Spotlight Northeast

We are an independent website producing digital news in Assamese & English.
Our mission is to bring you the most important issues of the region told through long-form narratives transformed into explanatory videos.

Categories

  • Assam
  • Assam Election 2021
  • Culture
  • Education
  • Environment
  • Films & TV
  • Health
  • International
  • National
  • NorthEast
  • Opinion
  • Politics
  • Science and Tech
  • Sports
  • Uncategorized
  • video

Guwahati, Assam, India

spotlightne@gmail.com

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.

No Result
View All Result
  • Home
  • Politics
  • Films & TV
  • Education
  • Health
  • Sports
  • Culture

© 2021 All Rights Reserved | Developed and Maintained by ClickNext.